পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য

 ভক্তি-ৰত্নাকৰ শঙ্কৰদেৱৰ পুৰাণৰ সংস্কৃত শ্লোক-সংগ্ৰহ; বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলীৰ দৰেই, কিন্তু ইয়াক পোৱাৰ আগতে গোটোৱা। কীৰ্ত্তন- ঘোষাত ধৰ্ম্মপ্ৰচাৰৰ বাবে বাৰ স্কন্ধ ভাগৱতৰ সাৰাংশ দি বিভিন্ন স্কন্ধবোৰৰ এইদৰে আকৌ সুকীয়া পদ-ভাঙনি কৰি তাত নিজ ব্যাখ্যা আৰু উপদেশ সংযুক্ত কৰিছিল। প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ, ষষ্ঠ স্কন্ধ, দশম স্কন্ধ, একাদশ স্কদ্ধ , দ্বাদশ স্কন্ধৰ ভাঙনি এইদৰে কৰাৰ উপৰিও তৃতীয় স্কন্ধৰ ওপৰত অনাদি পাতন আৰু অষ্টম স্কন্ধৰ অৱলম্বনত বলিছলন আৰু অমৃতমন্থন ৰচিছিল। ৰামায়ণৰ উত্তৰাকাণ্ডৰ ভাঙনিও শঙ্কৰদেৱৰ আগ-বয়সৰ ৰচনাই বুলি আত্মপৰি- চয়মূলক ভণিতাৰ পৰা ধৰিব পাৰি। এই সম্পৰ্কে কথা-গুৰু-চৰিতত শঙ্কৰদেৱে মাধৱদেৱক কোৱা কথাও মন কৰিব লগা : “বঢ়াৰ পো, তোমাৰ মিতাৰাৰ ৰামায়ণখনি লুকাৰৰ উপক্ৰম হৈছে। তুমি আগত ধৰাঁ, আমি গুৰিত ধৰোঁ।"

 অনাদি-পাতন শঙ্কৰদেৱৰ আগবয়সৰে, ৰচনা বুলি আৰম্ভণৰ ভাষাৰ পৰা বুজিব পাৰি। কিন্তু সেই বয়সতে জটিল তত্ত্বমূলক বিষয়বোৰৰ প্ৰাঞ্জল ভাঙনি দেখিলে অৱশ্যে বিস্ময় নামানি নোৱাৰি--

 মহা বায়ু লীন গৈলা মহা আকাশত৷ আকাশো পশিল অহঙ্কাৰৰ গৰ্ভত॥
 মহত্ত্ব তত্ত্বত লীন গৈল অহঙ্কাৰ৷ মহাতত্ত্ব পশিল প্ৰকৃতি পুনৰ্বাৰ॥
 মহা প্ৰকৃতিয়ো পুৰুষত গৈল লীন৷ নাথাকিল আন একো পুৰুষত ভিন৷
 নাই জল নাই থল নাহিকে আকাশ নাই মহাবায়ু চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ॥
 নাই শীত উষ্ণ ঋতু নাই ৰাত্ৰি দিন৷ সমস্ত সংসাৰ গৈল ঈশ্বৰত লীন॥
 জগতৰ জীৱ উদৰতে দিয়া বাস৷ কেৱলৱ ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ।
 নানা কৰ্ম্ম কৰিবাক কৰে আলোচনা৷ একো কাৰ্য্যে স্থিৰ নোহে তাক বুলি মন৷
 সংকল্প বিকল্প ধৰ্ম্ম কৰি আলোচন৷ বুদ্ধিমান বুলি তাক জানিবা লক্ষণ॥
 সমস্ত কৰ্ম্মক মই কৰোঁ বুলি মানে৷ অহঙ্কাৰ বুলি তাক জানিবা আপোনে॥
 নানা সদ কৰ্ম্মক কৰয় নিত্য নিত্য৷ নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত॥
 মনৰ কল্পনা মানে সমস্তে সংসাৰ৷ জাগন স্বপন নিদ্ৰা তিনি বৃত্তি যাৰ॥
 আছে মন সমস্ত প্ৰাানীৰ হৃদয়ত৷ ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত॥
 তাকে বুলি জীৱ মন এৰে ভিন্ন নুই৷ এক পিণ্ড ভৈল যেৱে লোহা অস্থি দুই॥
 মনে দুঃখ পাইলে জীৱে বোলে মই পাওঁ। মনে যৈকে যাৱে জীৱে বোলে মই যাওঁ।