পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৩১
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য

দেখিয়েই অহাটো হলে ৯১ বছৰ হয়। তাৰ পাছত কপলাত আৰু চূণপৰাত ছমাহকৈ থাকি পাটবাউসীত এবছৰ বসতি কৰাৰ পাছতো দ্বিতীয় বাৰ দেশ পৰ্য্যটন কৰিবলৈ ওলোৱা কথা মানিলে শঙ্কৰদেৱৰ ৯৯ বা ৯৩ বছৰ বয়সত পৰে। ই স্বাভাৱিক নহয় দেখি আৰু আটাইকেখন পুৰণি চৰিত আৰু সন্ত-সকলে মুখেৰে তোলা চৰিত মতেও দ্বিতীয়বাৰ দেশভ্ৰমণৰ কথা কয় বাবে, লক্ষ্মীনাথ বেজবৰুৱাই নৰনাৰায়ণৰ কোচৰ মাৰণ তথা ৰাজপাটত উটা কালটোত সন্দেহ কৰি বৰদোৱাৰ পৰবৰ্তী চৰিত-পুথি এখনৰ মতে লেখ কৰি সেই কাল ১৫ বছৰমান পিছুৱাব খোজে। এনে কৰিবলৈ বিচৰাত বেজবৰুৱাৰ আন দুটা বিচাৰ হল ১৫৩৪ খৃঃত ঢুকোৱা চৈতন্যদেৱক চৰিতমতে এই দ্বিতীয়বাৰ তীৰ্থ-ভ্ৰমণত পুৰীত শঙ্কৰদেৱে লগ পোৱা, আৰু ভবানন্দ সাউদে শঙ্কৰদেৱৰ “চাৰি শৰণ” ধৰাৰ আগতে চৈতনাদেৱৰ “ষোল নাম” লবৰ দিহা কৰা অৰ্থাৎ বঙ্গীয় বৈষ্ণৱ ধৰ্ম নামনি অসমত প্ৰচাৰিত হবলৈ আৰম্ভ কৰাৰ কাল মিলোৱা। কিন্তু চৈতন্যদেৱক লগ পোৱাৰ নিচিনা একোটা ধাৰ্মিক কিম্বদন্তীৰ বাবেই তিনিশ দুশ বছৰৰ পাছৰ এখন চৰিতৰ ওপৰত ভৰ দি বিজ্ঞানসম্মত বিচাৰৰ এটা লাগ-তিয়াল ঐতিহাসিক সময় পৰিবৰ্তিত কৰিব পাৰি বুলি কব নোৱাৰি; ইহাতেও প্ৰথমৰ বাৰ বছৰীয়া সুদীৰ্ঘ আৰু সুসমাপ্ত তীৰ্থভ্ৰমণৰ পাছত দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা কথাহে অস্বাভাবিক যেন লাগে। সি যি হওক, ৰামচৰণে (৩১৪৬-৩৪০৭ পদ) গতানুগতিকভাবে ইয়াৰ বৰ্ণনা দিছে।

কবি সাবোদ্ধাৰ জনমযাত্ৰাৰ অঙ্ক কৈলা নিৰন্তৰে।।
কৰিয়া প্ৰৱদ্ধ একাদশ স্কন্ধ পদ কৰিলন্ত পাছে।।
উদ্ধৱ বিদুৰ তৃতীয় স্কন্ধৰ  সম্বাদ দেখিয়ো তাক।
কৰিয়োক মন   পাণ্ডৱ নির্যান প্রথম স্কন্ধত আক ।
তিনি স্কন্ধ চাই বিচাৰিয়া পাই এক স্কন্ধে সেহি কথা।
বাচকবনীয়া সদাগৰে যেন  এক ঠাই কৰি তথা ৷
প্রথম স্কন্ধৰ পঞ্চ আধ্যা পঢ়ি কৰিলন্ত তাৰো পদ ।।
অনন্ত কন্দলী কৰি কৃতাঞ্জলি  শঙ্কৰক পাৰ্থিলন্ত।
দশমৰ শেষ পদ কৰি শেষ কৰিয়া আনি দিল।।
শঙ্কৰে দেখিয়া বুলিল হাসিয়া  ভাল তযু কৃত্যখানি।