পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৫
ধুমুহা বতাহ।

নুশুনে মিনতি সিতো
নবাধয়ঁ গতি কতো,
ছোঁ ছোঁ কৰি চলে আপোনাৰ মনে,
চাল বেড় গছ লতা মোহাৰে সঘনে।

এছাৰনি একো ছাটি
খানে চোতালৰ মাটি।
ভাঙ্গি যেন লই যায় টাটী বেড় ঘৰ
কত ঠাইত গছ ভাঙ্গে কৰি মড় মড়।
মাজে মাজে শুনি পাওঁ
মেঘৰ ভৈৰৱ ৰাৱ,,
অশনিৰ নিপতন আৰ্ত্তনাদ কৰি,
ভাঙ্গি যেন পৰে স্বৰ্গ থাকিব নোৱাৰি।

এইদৰে কিছু পৰ
দেখি চিন প্ৰলয়ৰ।
ইন্দ্ৰদেৱে দয়াকৰি মেঘ নিবাৰিলা,
বাত বৃষ্টি ক্ষন্তেকতে সবে চলি গৈলা।
বতাহৰ ধুমধুমি
গল একেবাৰে কমি,
লাহে লাহে নুশুনাই হল পিছে গই,
নিশ্চল নিস্তব্ধ হল প্ৰকৃতি দুনাই।

ঘৰ এৰি বাটলৈ
যায় লোক ব্যস্ত হই,
চাবলৈ কাৰ কত হল “পয়মাল”;
দেখে পৰি আছে ভাঙ্গি, গছ, কত ডাল।
কাৰো ঘৰে বেৰ নাই
কাৰো ঘৰ আছে শুই,
কাৰো আকৌ কল বাৰি চন হই গল,
মহাৰণে তামোলৰ শিৰ হত হল।