পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩১
পূৰ্ণিমাৰ জোন।

ভেট পুখুৰিত অতি হৰষিত
হাঁহে মুখ মেলি মেলি,
ভোমোৰা খকুৱা ৰাতি দুপৰীয়া,
পাতিছে ৰসৰ কেলি।
ধন্য ধন্য জোন আৰু আছে কোন
তোমাৰ সমান হয়,
ৰূপৰ ভণ্ডাৰ তুমি ব্ৰহ্মাণ্ডৰ
তুমিএহে সৰ্ব্বময়।
তুমিএহে দিয়া তুমিএহে নিয়া
তোমাৰ জহতে ফুল,
জকমক কৰি নানা বেশ ধৰি
কৰে মন বিয়াকুল।
আছে হয় আৰু দেখিবলৈ বাৰু,
নানা বস্তু পৃথিবীত,
কিন্তু শশধৰ তোমাৰ ৰূপৰ
নাই তুল কদাচিত।
আছে ইন্দ্ৰ ধনু বিতোপন তনু
নানা ৰাগে বিভূষিত
কিন্তু নিশাকৰ তোমাৰ কোষৰ
নোহোৱয় কদাচিত।
অতি বিনন্দীয়া বিজুলী অমিয়া
গাভৰু ছোৱালী আৰু,
ছৱালৰ হাঁহি পদুমৰ পাহি
দেখিব অৱশ্য বাৰু।
ই সবতো বাজে এই ধৰা মাজে
আছে বস্তু বহুতৰ,
যাৰ ৰূপ মন মোহে সৰ্ব্বক্ষণ
তোলে ঢৌ আনন্দৰ।