পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২৬। অসমীয়া সাহিত্যৰ চানেকি। লিখক বিলাকে নামৰ আগত বিশেষণ গোটাচেৰেক সহৰকৈ দিব পাৰিলেই পণ্ডিতালি কৰা হয় যেন জ্ঞান কৰিছিল। পুৰণি ফলিবোৰত আৰু শীলত লেখা কথা পঢ়িলে শাৰী শাৰী কেৱল বিশেষণকে পোৱা যায়। তাৰ পৰা আচল সাৰখিনি বিচাৰিলোৱাই টান। কৰ্ত্তা কৰ্ম্ম কৰবাত পৰি থাকে, পঢ়োতাই পুৰুষাৰ্থ কৰিহে সিহঁতক বিচাৰি পায়। একোটা প্ৰৱন্ধত কথা এধানমান, কিন্তু তাকে বিশেষণ লগাই লগাই বৃহৎ কৰে। এই দোষ আধুনিক লিখকৰ নাই। অজি কালি এঠাইত দুটা বা তিনিটাতকে বেচি বিশেষণ ব্যৱহাৰ নকৰে। এতিয়াৰ সাহিত্যত কিন্তু উপমাৰ হ্ৰাস দেখা যায়। আগৰ লিখক বিলাকে যেনে সুন্দৰ সুন্দৰ উপমা দি কথা বুজাব পাৰিছিল, এতিয়া তেনেকুৱা উপমা অতি কম। আগেয়ে কবি সকলে আচল কথা ভাঙ্গি নকৈছিল, কেৱল উপমাৰেই ভাব প্ৰকাশ কৰিছিল। এতিয়াৰ মানুহে উপমা এৰি কথাত ধৰিছে, কথাৰেই সকলো বিষয় বুজাই দিয়ে। আমাৰ বিবেচনা মতে আগৰ লিখক বিলাকৰ আৰু এটা দোষ আছিল। তেওঁলোকে চলিত ভাষাৰে কথা লিখিবলৈ ঘিণাইছিল। মানুহে সদাই যিবোৰ শব্দেৰে কথা বাৰ্তা কয়, সেই বোৰ শব্দ সিবিলাকে ব্যৱহাৰ কৰিবলৈ কিছু বেয়া পাইছিল যেন বোধ হয়। ইয়াৰ ফল হৈছিল এই, যে সাধাৰণ মানুহে অৰ্থাৎ অলপ লিখা পঢ়া জনা মানুহে পণ্ডিতে লিখা কথা বুজিব নোৱাৰিছিল। এই দোষে আজি কালি কেৱল সংস্কৃত জন পণ্ডিৎ বিলাকক চুইছে। তেওঁলোকে চুটি সৰু শব্দেৰে কথা লিখিবলৈ বেয়া পায়। লাহে লাহে এইবোৰ দোষ উঠি যাব ধৰিছে, আৰু কিছুমান দিনৰ মূৰত বোধ কৰো মুঠে নাইকিয়া হব। এতিয়াৰ লিখকৰ বাক্যবোৰ চুটি চুটি; আগৰ নিচিনা আজি কালি কথা যোৰাই বাক্য দীঘল নকৰে। ইয়াতে আৰু এটা কথা কোৱা উচিত, যে দেশভেদে আৰু জাতি ভেদে সাহিত্যৰৰ লক্ষণৰ অলপ ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। এই বিষয় আমি এতিয়া আলোচনা নকৰে।। সম্প্ৰতি সাহিত্য, ভাগ ভাগ কৰি, তাৰ একো ভাগৰনো লক্ষণ কেনেকুৱা, এভাগৰ লগত আন ভাগৰ কি সম্বন্ধ আৰু সাহিত্যৰনো মুঠতে কেই ভাগ এইকেটা কথাৰ বিচাৰ কৰিব লাগিব। ইয়াৰ লগতে দেশ ভেদে সাহিত্যৰ লক্ষণ কেনে হয় তাকে। দেখুউৱা যাব।