পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৩
পত্নী-বিলাপ।


পৰৰ সুখত, তোৰ অন্তৰত,
জ্বলে অবিৰত, হিংসাৰ জুই যত এ—
সুখ কৰি নষ্ট, সুখী ভাব বিধি তয়।
ধিক তোৰ প্ৰাণে, ধিক তোৰ জ্ঞানে,
ধিক তোৰ মানে, যতেক বিধানে এ
পৰশ্ৰীয়ে হানে, নিতান্তে যাৰ হৃদয়॥

সংসাৰ কাননে, আমি দুয়োজনে,
আনন্দিত মনে, নিশঙ্ক জীৱনে এ
ফুৰিছিলোঁ যেনে, হৰিণ হৰিণা দুই।
কেতিয়াও কাৰ, একো অপকাৰ,
নকৰো এবাৰ, তই দুৰাচাৰ এ
সুখত আমাৰ, কেলেই জালিলি জুই।

এটাক বধিলি, কি লাভ লভিলি,
ইটোক এৰিলি, কিয় নেমাৰিলি এ
অনাথা কৰিলি, ময় অভাগিনীক কিয়?
শূন্য হৃদি লই, থাকিলোহো ময়,
প্ৰাণ নিলি তয়, ভেল যেন হয় এ
দেহ আছে ৰই, কেলেই তাকে নিনিয়!

সকলোৱে কয়, বাৰী হলু ময়,
মৰিল বান্ধয়, পৰাণে নসয় এ
ভাবোহোঁ নিৰ্দ্দয়, গালি দিছে যেন মোক।
হেন দুৰ্ব্বচন, শুনিও শ্ৰবণ,
অবিশ্বাসী মন, নহয় ভগন এ
আছয় জীৱন, হৰি! সহি এত শোক॥
⸺⸺