পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৮
অসমীয়া সাহিত্যৰ চানেকি।

ভয়ে ভীতা বোৱাৰীয়ে সুখ পৰিহৰি,
গৃহকৰ্মে বন্দী হল সুখ কাতি কৰি!

গাঁৱলীয়া বোৱাৰীৰ অন্তৰ এন্ধাৰ,
শিক্ষাৰ পোহৰ নাই যত কুসংস্কাৰ,
কুসংস্কাৰে বশ হই,
শাহু আইৰ বাক্য লই,
সাংসাৰিক কায কৰে এলাহ নকৰি,
কাৰ্য-ক্ষম নাই গাঁৱলীয়া সৰিবৰি!

কাষত কলহ লই জাৰ তুচ্ছ কৰি,
( শীতত কঁপয় কিন্তু দেহ থৰথৰি, )
ধীৰে ধীৰে যাই হায়!
মুখত কথাটি নাই
দুৰন্ত শীততে গই পানী তুলি আনি,
বাহি বন সাঙ্গ কৰে আলস্য নেমানি!

কোমল শৰীৰ কেনে লাৱন্য-ললিত,
নীৰবে কাঠিন্য সহে দেখি আচৰিত,
কঠিন কোমলে মিলি,
অপৰূপ ৰূপে খেলি,
গাঁৱলীয়া গৃহস্থৰ সংসাৰ উজলি,
গ্ৰাম্য-বধূ শোভে যেন মেঘত বিজলি!

মহৰ্ষি মনু সংহিতাৰ সুবচন
(গৃহিনীৰ কাৰ্য্য) গাঁৱে কৰিছে পালন,
যত গ্ৰাম্য-বধূচয়;
অন্তৰত ঘোৰ ভয়,
শাস্ত্ৰ উপদেশ পাল হিন্দুৰ ধৰম,
নেপালিলে পাপ হয় ঘোৰ কুকৰম!