পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৩
স্তুতি।

স্তুতিত সন্তোষ নাই যাৰ,
নোহোৱয় গালিতে বিকাৰ,
সমভাৱে আছে সৰ্ব্বদাই,
চেতনতো অচেতন প্ৰায়,
সেই মহাপুৰুষক ভজা নিত্যে নিত্যে,
ভজা ভাই পবিত্ৰ-অন্তৰে হৃষ্ট-চিত্তে।
ইন্দ্ৰিয়াদি কৰিয়া দমন,
বিষয়ক কৰিয়া বৰ্জ্জন,
ধাৰ্ম্মিক সকলে সৰ্ব্বদায়,
উপাসিয়া যাক সুখ পায়,
পবিত্ৰ আনন্দ লভে, ভজা ভাই! তাক,
বোলহা “সুমতি বুদ্ধি দিয়োক আমাক। "

খ্ৰীষ্টিয়ানে পূজে “খ্ৰীষ্ট” বুলি,
বাইবেল-সুৰ তুলি তুলি,
“বিচমিল্লা” “মহম্মদ” নামে,
ভক্তিভাৱে পূজিছে “ইসলামে”
“ৰাম-কৃষ্ণ” বুলিয়া বৈষ্ণৱ হিন্দু পূজে,
শাক্তই সেৱিছে বুলি “মাগো দশভুজে!”
“ৰণচণ্ডা “লোল-জিহ্বা” নামে,
ৰণুৱাই পূজিছে সংগ্ৰামে,
“লাঙ্গামাৰা” “বৰমানী আই”
কছাৰিয়ে পূজে সৰ্ব্বদায়,
“লঙ্গদেও” “জাৰী” আদি নানা সম্বোধনে,
অৰণ্যতে গাৰোয়ে পূজিছে হৃষ্ট-মনে।
ধনবানে পূজে অৰ্থ দিয়া,
নৈবেদ্যাদি বলি নিবেদিয়া,
দুখীয়াই পূজে খুদে কণে,
ভিকহুয়ে মাগি অনা ধনে,
পক্ষী সকলেও সেৱে নানা বোল বুলি,
বৃক্ষ সবে জড়-ভাবে মূৰ তুলি তুলি!