কাণ নাই সকলো শুনিছে,
হাত নাই সকলো ধৰিছে,
ভৰি নাই সৰ্ব্বত্ৰতে কৰিছে গমন,
ভজা তাঙ্ক ভজা সদা হই শুদ্ধ-মন।
সংসাৰক জানন্ত যি জনে,
কিন্তু তাঙ্ক কোনেও নাজানে,
পুৰুষ প্ৰধান হেন জন,
সৃষ্টি স্থিতি প্ৰলয় কাৰণ,
ভজা ভাই! তাঙ্ক সদা হই শুদ্ধ-মতি,
বোলা সদা “ প্ৰভো! মোৰ গুচোৱা দুৰ্গতি॥’
আকাশ পৃথিবী সব স্থানে,
ব্যাপি আছে প্ৰতি প্ৰাণে প্ৰাণে,
শৰীৰৰ প্ৰতি লোম-কূপে,
ব্যাপি আছে অনন্ত-স্বৰূপে,
মহা-শক্তি ৰূপে থাকি প্ৰতি পদাৰ্থত,
সংসাৰৰ ক্ৰিয়া-কাণ্ড চলায় সতত।
হেন মহা-পুৰুষক নিত্যে,
উপাসনা কৰা শুদ্ধ-চিত্তে,
ভজি তাঙ্ক শুদ্ধ কৰা মন,
কৰা তাৰ মহিমা কীৰ্ত্তন।
বোলা “মূৰ! সদা তাঙ্ক কৰা প্ৰণিপাত,
“অন্তৰ, সোঁৱৰা তাঙ্ক পূজা কৰা হাত! ”
বিষয়ীৰ শৰীৰে থাকয়,
বিষয়-বিকাৰে নোচোৱয়,
( পদুম-পাতৰ পানী-প্ৰায়
ভিন্ন ৰূপে থাকে এক ঠাই)
যিবা মহা-পুৰুষক ভজা তাঙ্ক নিত্যে,
ভজা ভাই! পবিত্ৰ-অন্তৰে ভক্তি-বিত্তে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০২
অসমীয়া সাহিত্যৰ চানেকি।