৪০১ এখনি আছিল। কুৱৰীয়ে অস্ত্ৰখনি দেখি ৰাঘক কলে, আশীৰ্বাদ লবলৈ ভকতৰ আগলৈ অস্ত্ৰলৈ যোৱা অযুগুত। ৰাঘই শুনি অস্ত্ৰখন কুৱৰীকে থবলৈ দি, হুছৰিৰ আগত আঠুকাঢ়ি সেৱা কৰিবলৈ গল। ৰাঘই আই কাঢ়োঁতেই কুৱৰীয়ে ঘক সেই অস্ত্ৰেৰেই তাৰ কলাফুলতে ঘা মাৰিলে। ৰাঘক হামখুৰি খাই পৰা দেখি আমাৰ ফালৰ ছদ্ম বেশী সৈন্যই বেৰি ধৰিলে। পাছে নাহৰথোৰা, ৰমাকান্ত সকলোকে আমাৰ মানুহে বিচাৰি বিচাৰি, যাকে যতে পালে, ততে কাটিলে। অধিকাংশ মৰাণ এই বাৰ কটা যায়। যি দুটা এটা ৰল, সিহঁত পলাল। এইদৰে মোৱামৰীয়াবিলাকৰ নিপাত হয়। এই কাৰ্যত কুৱৈ গয়া ঘনশ্যাম নামেৰে মানুহ এটাই মহাৰাজ লক্ষীসিংহক বৰ সহায় কৰিলে। এনে কি, এই ঘনশ্যামৰ সহায় নোহোৱা হেঁতেন যে মহাৰাজে মোৱময়ৰীয়াহঁতক অন্ত কৰিব পাৰিলে হেঁতেন এনে আশা কৰাই টান। মহাৰাজ লক্ষীসিংহ আকৌ আহোম সিংহাসনত বহি ৰজা হল, আৰু বিপদৰ সময়ত ঘনশ্যামৰ পৰা মহৎ উপকাৰ পোৱা বাবে তেওঁক প্ৰধান মন্ত্ৰী বুঢ়াগোঁহাইৰ বিষয় দি, ৰাজ্যৰ গুৰিয়াল স্বৰূপ কৰি ৰাখিলে। মহাৰাজে ৰাজ্য লোৱাৰ পাচতে বুঢ়াগোহাইয়ে বহুত মোৱামৰীয়াক ধৰি ধৰি মাৰিলে আৰু নিজৰ ফালৰ মানুহৰ হতুৱাইও যতে যতে পাৰিলে ততে মৰোৱালে। ভয়ত মৰাণহঁতে পাছে ডফলা পাহাৰৰ ফালে পলাল। এনে কথা শুনিবলৈকো পায়, যে এদিন বুঢ়া গোঁহাইয়ে, ৰাজ্যৰ ওচৰত যি বিলাক মোৱামৰীয়া আছিল, সিহঁতক মতাই আনি, ভোজ খুৱাই, শেহত সিহঁতৰ হতুৱায়ে বৰ খাল এটা খনাই, সেই খালত সিহঁতকে পুতিলে। | মোৱামৰীয়াৰ প্ৰথম আক্ৰমণৰ পাছত, এই দৰেই ঘনশ্যাম বুঢ়াগোঁহাইৰ ছল চক্ৰান্তত, মহাৰাজ লক্ষনীসিংহে পুনৰ সিংহাসন পায়, আৰু কিছুমান দিনৰ নিমিত্তে দেশত শান্তি হয়। স্তুতি। নিৰাকাৰ হ'য়ে যেয়ে শৰীৰীৰ দৰে, সংসাৰৰ সব কাৰ্য নিৰন্তৰ কৰে, চকু নাই দেখিছে সকল, আকাশ পাতাল জলস্থল,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই