পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৱামৰীয়া-বিদ্ৰোহ। ৩৯৯ ইয়াত নেথাকিব। মোৱামৰীয়াহঁতে যি কৰিছে মোকে কৰোক। মোৰ আগত আপোনাক, মোক কৰা অত্যাচাৰেৰে উৎপীড়ন কৰিলে মই কেনেকৈ চাই থাকিম। ময় সিহঁতৰ বেতৰ কোবো সহিব পাৰিছোঁ, কটাঘাত কলাখাৰ ঘঁহাও সব পাৰিছোঁ, কিন্তু আপোনা দুৰ্গতি দেখিব নোৱাৰিম।” জয়মতীৰ জিবাই আৰু দোৰোল নেখালে। মহাজে চকু লো টুকি টুকি কবলৈ ধৰিলে, “ৰাণী, মোৰ জীৱনত শতবাৰ ধিক; নিজৰ তিৰুতাক যি পাষণ্ডই এনে যন্ত্ৰণা দিয়াই জীয়াই থাকিবৰ ইচ্ছা কৰে, যমৰ নৰকতো তাৰ ঠাই নাই। ময় আজি নিজেই মোৱামৰীয়াক ধৰা দিম।” লাহে লাহে এই দৰে কোৱামেলা কৰি থাকোতেই পূবে বগা ভঁৰ দিলে, ৰাতি যায় যায়। জয়মতীয়ে ৰজাৰ ভৰিত ধৰি কাতৰ কণ্ঠে কাকূতি কৰি কবলৈ ধৰিলে “মহাৰাজ! পলাওক পলাওক। ইহঁতে এতিয়া সাৰ পাব। মোৰ অন্তিম সময় ফেৰি আপুনি অপোনাৰ মঙ্গল দেখিয়েই কটাবলৈ দিয়ক।” লাহে লাহে মোৱামৰীয়াহঁতে সাৰ পালে জয়মতীয়ে আকৌ কাকৃতি কৰিবলৈ ধৰিলে। বন্দীশালত মানুহৰ সহাঁৰি পাই মোৱম- ৰীয়াহঁতে হাই কৰি উঠিল। জয়মতীৰ কাকৃতিত মহাৰাজ আকৌ বনত লুকাবলৈ গল। ৰাতি পুৱাল। সেই দিনা আকৌ মোৱামৰীয়াহঁতে জয়মতীক গিৰিয়েকৰ কথা সুধিলে। ফল সেই একেই। জয়মতীয়ে আৰু ৰজাৰ কথা নকলে, কিন্তু সেই শেষ সময়ত মোৱামৰীয়াহঁতক যি কেইএষাৰ কথা কৈছিল, সেই কথা কোকি সাবিত্ৰী বা দময়ন্তীৰ যোগ্য; আমাৰ গহনা দিব নোৱাৰিলে, গিৰিয়েকৰ খোৱাভাত অখাৱনি কৰোৱা তিৰুতাবিলাকে, সেই কথা কেফাকি এবাৰ পঢ়ি চাব। জয়মতীয়ে কলে “মোৱামৰীয়া, তহঁতে তিৰুৱাই গিৰিয়েকক কি ভাবেৰে দেখে, বুজ নেপাৱ। মোক কাটি কাটি খানি ঘঁহ, কুকুৰেৰেও খুৱা, কিন্তু ময় জীয়াই থকাত কেনেকৈ মোৰ স্বামী দেৱতাৰ অমঙ্গল চিন্তিম। মোক কাটিবি বুলি ভয় দেখুৱাই, মোৰ মুখৰ পৰা কথা উলিয়াব নোৱাৰ, তহঁতৰ চেষ্টা বৃথা। মোক শীঘ্ৰে কাটি পেলা, কিন্তু মই মহাৰাজৰ কথা নকওঁ, মোৰ পৰা তেওঁৰ চুলি এডালৰৰ অপকাৰ হবলৈ নিদিওঁ।” জয়মতীৰ কথা শুনি মোৱামৰীয়াহঁত ক্ৰোধান্ধ হৈ তেওঁক কাঁচি পেলালে! কাটি কাটি লোণ ঘঁহিলে, কুকুৰেৰে খুৱালে!! এই দৰে জয়মতীক হত্যা কৰিলে, তেও তেওঁ মহাৰাজৰ কথা নকলে, কেবল মৰিবৰ সময়ত মুখত “মহাৰাজৰ চৰণ চাই চাই মৰিবলৈ নেপালোঁ!” এই কথা এষাৰ অস্ফুটৰূপে শুনা গৈছিল। • ইয়াৰ পাচত মহাৰাজ ধৰা পৰে, মোৱামৰীয়াহঁতে খঙ্গত মহাৰাজক আন একো বিশেষ দণ্ড নকৰিলে বুলি, বেতেৰে বৰকৈ কোবাইছিল। তেতিয়াৰে পৰা বেতৰ কোবৰ সোৱাদ পাই মহাৰাজে মানুহক বেতেৰে কোবোৱাবলৈ এৰিলে।