মোৱামৰীয়া-বিদ্ৰোহ। ৩৯৫ বুৰঞ্জীত পঢ়িব। মোহনমালাদেউক ভায়েকে ৰাজ্যৰ পৰা খেদাই দিলে। তেও মৰণান্তিক বেজাৰ পাই, তাৰ সোধ সোৱ'ৰাবৰ মনেৰে মোৱামৰীয়া মহন্তৰ লগ লাগে। মোৱামৰীয়া মহন্তক ফুলেশ্বৰী কুঁৱৰীয়ে যি অপমান দিয়াইছিল, তেওঁ এনেই কেনেকৈ তাৰ শোধ তোলে, তাৰে ছেলু বিছাৰি ফুৰিছে, মোহনমালাদেউক লগ পাই, তেওঁৰ গা আৰু শকত হল। মালৌ পথাৰ নামেৰে ঠাই এডোখৰত শিষ্য- বিলাকৰ হতুৱাই বৰ ভেটি এটা সজাই, তাতে মোৱামৰীয়া মহন্তে নতুনকৈ সত্ৰ এখন কৰিলে, আৰু সকলো শিষ্যবিলাকক সেই নতুন সত্ৰলৈ গোটাই নি, তেওঁৰ অপমানৰ প্ৰতিশোধ লবৰ নিমিত্তে, সকলোকে যোগ হবলৈ কলে। | যদিও প্ৰজা হৈ ৰজাৰ বিপক্ষে অস্ত্ৰলোৱা ধৰ্ম্ম বিগৰ্হিত কাৰ্য, গুৰু বাক্য লঙঘন ততোধিক পাপ। তাতে গুৰুৰ অপমানৰ প্ৰতিশোধ লোৱাই উচিত, ইয়াকে ভাবি মোৱামৰীয়াবিলাকে ৰজাৰ বিপক্ষে গোট খাবলৈ ধৰিলে। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে মন কৰা হলে, মোৱামৰীয়াহঁতে যি জোপা বিষবৃক্ষৰ গুৰিত সাৰ দি, লাহে লাহে বঢ়াবলৈ ধৰিছিল, পুলিতে তাক নষ্ট কৰিব পাৰিলেহেতেন। কিন্তু তেওঁৰ সুখভোগাভিলাষ কিছু বেচি আছিল। তেও সেইবিলাক বাহিৰৰ জঞ্জাললৈ সমূলি কাণ নকৰিছিল। মোৱামৰীয়াহঁতে বাধা নেপাই, সেনা গোটাই গোটাই, লাহে লাহে, নিজৰ পক্ষ বেছি শকত কৰিবলৈ ধৰিলে। ইতিমধ্যতে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ পৰলোক হয়, আৰু তেওঁৰ ভায়েক লক্ষমীসিংহই সিংহাসন আৰোহণকৰে। এই ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনতে আহোম ৰজাবিলাকৰ সুখ অন্ত হয়। | লক্ষনীসিংহ স্বৰ্গদেৱৰ বাল্যকালত বহুত বিপদ যায়। ৰুদ্ৰসিংহ স্বৰ্গদেৱ যেতিয়া গুৱাহাটীলৈ ভটিয়াই যায়, তেতিয়াই তেওঁৰ সৰু জনা কুঁৱৰীৰ গৰ্ভত এও বাটতে, কালশিলা নামেৰে ঠাই এড়োখৰত বাহৰতে ওপজে। সেই দেখি এওঁৰ নাম এটা কালশিলীয়া গোঁহাইদেৱ আছিল। এও দেখাত কলা আছিল দেখি, বাপেকে এক বৰকৈ মৰম কৰা নাছিল, আন আন ডাঙ্গৰীয়াসকলেও তেওঁক বৰ ভাল নেপাইছিল। কিন্তু পঢ়াশালি এখনৰ অধ্যাপক এজনে এক বৰ আদৰ কৰিছিল আৰু গোহাইদেৱে সেই অধ্যাপকৰ পঢ়াশালিতে লেখা-পঢ়াও শিকিছিল। ভট্টাচাৰ্য জনৰ নাম ৰমানন্দ শৰ্ম্মা। লক্ষীসিংহ ৰজা হৈ পৰ্বতৰ ফালে নগল, আৰু এই সম্পৰ্কে বাপেকৰ আদেশলৈ বৰকৈ কাণ নকৰিলে। ৰমানন্দ বাপুৱে পটুৱাই শুনাই বিপদৰ কালত তেওঁক বৰ সহাই কৰিছিল দেখি, স্বৰ্গদেৱ তেওতে দীক্ষিত হল, আৰু তেতিয়াৰে পৰা তেওঁলোকক ‘নগোঁসাই’ নাম দি বহুত বৃত্তি
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই