পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৱামৰীয়া-বিদ্ৰোহ। | মোৱামৰীয়া আক্ৰমণৰ সূত্ৰপাত এই শিৱসিংহ স্বৰ্গদেৱৰ দিনতে হয়। শিৱসিংহ স্বৰ্গদেৱৰ ৰাজত্বৰ সকলোেবিলাক কথাত আমাৰ মূল বিষয় সম্পৰ্ক নাই, আমি সেই নিমিত্তে আমাৰ লাগতিয়াল কথাখিনিহে উনুকিয়াই যম। সেই সময়ৰ ৰাজত্বৰ পূৰ্ণ বিবৰণ জানিব খুজিলে, পাঠক সকলে এবাৰ বুৰঞ্জী পঢ়ি লব। শিৱসিং স্বৰ্গদেৱে ছমাহমান ৰাজত্ব কৰোঁতেই, গণক আৰু জ্যোতিষীয়া পণ্ডিত সকলে “স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ হৈছে” বুলি কলে। তাৰ • শান্তিৰ নিমিত্তে স্বৰ্গদেৱে দেবী-দেৱালয়ত আৰু ব্ৰাহ্মণ-মহন্তবিলাকক বৃত্তি দিবলৈ ধৰিলে, আৰু নিজে ৰাজ্য-ভাৰ এৰি পাট-মাদৈ ফুলেশ্বৰী ( এওঁৰ আন এটা নাম প্ৰমথেশ্বৰীও আছিল ) কুঁৱৰীক সিংহাসনত বহুৱাই, ৰজা পাতি, স্বৰ্গদেৱ উদংমূৰীয়া হৈ থাকিল। দৈবিক ৰূপে ছত্ৰভঙ্গ হলেহে নানাবিধ আপদ-বিপদ হব পাৰিব; সেই দেখি নিজেই ছত্ৰভঙ্গ কৰি, দৈবিক বিপদক আতৰাই, মহাৰাজে পাটমাদৈৰ ৰাজ্য-শাসন চাবলৈ ধৰিলে; কিন্তু তেওঁ যে ছত্ৰভঙ্গ হল, মহাৰাজে সেইটো কথা তৰ্কিবলৈকে নহল। ফুলেশ্বৰী কুঁৱৰী এই দৰে বহি-ৰজা হল। ৰুদ্ৰসিংহ স্বৰ্গদেৱে নিজে বৰ্ত্তমান পবতীয় গোঁসাইসকলৰ পূৰ্বপুৰুষ সকলত দীক্ষিত হয়, আৰু তেওঁৰ কেঁৱৰ- বিলাককো তেওঁলোকৰ শিষ্য হবলৈ কৈ যায়। সেই পিতৃআজ্ঞা অনুসৰি শিৱসিংহ স্বৰ্গদেৱ পৰ্বতীয় গোঁসাইত দীক্ষিত হয়। মহাৰাজৰ ধৰ্ম্মৰ ওপৰত বৰ বিশ্বাস আছিল-সদাই একান্ত মনে দীক্ষামন্ত্ৰ জপতে মহাৰাজে বহুত সময় কটাইছিল, প্ৰকৃত পক্ষে শিৱসিংহ স্বৰ্গদেৱ এজন ঘোৰ শাক্ত ৰজা আছিল। তেওঁৰ ৰাণী ফুলেশৰী কুঁৱৰীৰ গোস্বামীৰ ওপৰত বৰ ভক্তি আছিল। মোৱ- মৰীয়াকে আদি কৰি শৰী পন্থাৱলম্বী মহন্তবিলাকে আকৌ গোসানী নেমানে। গোসানীৰ পূজা কৰক ছাৰি গোসানীৰ আগত বলি কটা শুনিলে বা দেখিলেও চকুৱে কাণে হাত দি, শ্ৰীবিষ্ণু সুৱৰি এফলীয়া হৈ যায়। এই বিলাক কথা শুনি ফুলেশ্বৰী কুঁৱৰীৰ বৰ খং উঠিল। ৰজাই যি ধৰ্ম গ্ৰহণ কৰিছে, প্ৰজাই তাকে গ্ৰহণ কৰিব লাগে, ৰজাই যি ভাল দেখিছে, প্ৰজায়ে তাকে ভাল দেখিব লাগে, ইয়াকে ভাবি, এবাৰ দুৰ্গোৎসৱ পূজালৈ সকলো শূদ্ৰ মহাজন- বিলাকক নিমন্ত্ৰণ কৰোৱালে। ৰজাৰ আদেশ, ধৰ্ম প্ৰচাৰত দিন কটোৱা, নিৰ্জ্জু মহন্তবিলাকে মুশুনি কেনেকৈ পাৰে? পূজালৈ সকলল আহিল। তাতে ফুলেশ্বৰী কুঁৱৰীয়ে ধৰি সকলোৰে কপালত বলি-কটা ছাগলি আৰু মহৰ তেজৰ ফোট দি, সকলোকে গোসানী সেৱা কৰাই, গোসানীৰ সিন্দুৰ