পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৫ অসমীয়া সাহিত্যৰ চানেকি। কুসংস্কাৰৰে বড় সম্বন্ধ। বুঢ়া বিলাকৰ কাম আৰু মত সকলো কুসংস্কাৰ, কিন্তু ডেকা আৰু লৰা বিলাকক কুসংস্কাৰে চুব নোৱাৰে। | “ Civilized ” বা সভ্য—“ভাল কাপোৰ পিন্ধা, ভাল ঘৰত থকা, বেপাৰ বা যেনে তেনে মতে ধন ঘটা, সকলো বস্তু খোৱা, ধৰ্মকৰ্ম্ম নমনা, আইনমতে চুৰি আৰু ডকাইতি কৰা, মুখত ধৰ্ম্ম, পেটত পাপ, বাহিৰ বগা, ভিতৰ কলা, কেৱল তিতা, ফেসন (fashion ধুন) আৰু ধনৰ গোলাম, এনেবিলাক মহাত্মাৰ নাম (civilized) বা সভ্য। বোপাইক আইৰ গিৰীয়েক, আইক বোপাইৰ পৰিয়াল বেলা, সভ্যৰ এটি বড় গুণ। | “চাহাব”-ধুন মৰা, দুখীয়া নেটিভৰ জ্বৰ খাপৰি ফলা, কেৰাণীৰ যম, ভাৰতৰ হুল, বৰা-গাহৰিৰ নিচিনা অকৰা, খঙ্গাল, দুঠেঙ্গীয়া জন্তু বিশেষ। | “Patriot” (প্ৰেটিয়) বা দেশ হিতৈষী—বাতৰি কাকতৰ বেচ নিদিয়া, উপাধিৰ জন্যে ইংৰাজক ভোজ বা দান দিয়া, দুৰ্ভিক্ষত সাহায্য নকৰা, দেশী মানুহৰ দোকানৰ বস্তু নিকিনা, মাতৃ-ভাষা কলে বা লিখিলে মান যোৱা, বিদেশী বস্তু খোৱা, বিদেশী কাপোৰ পিন্ধা, “দুখিনী ভাৰত মাতৃৰ” দোহাই দি ঠগি ধন লোৱা, বাতৰি-কাকতেৰে ইংৰাজক খেদোৱা, দেশী মানুহক ঘিণ কৰা, দেশী বস্তু দেখিব নোৱৰা, “জয় ভাৰতেৰ জয়, গাও ভাৰতেৰ জয়, টাকা দাও, টাকা দাও, কি ভয় কি ভয়।” ইত্যাদি ৰূপে চিঞৰি “মুখেৰে জিনিতং জগৎ এনেবিধৰ ঠগ কেতবিলাক। “ভাৰত উদ্ধাৰ”—টকা ঘটাৰ উপায়, লোক ভুলোৱাৰ মন্ত্ৰ, অসমীয়া ভাষাৰ কাঠ সংস্কাৰ, দুখীয়াৰ ভেঁটি খোৱা, দেশী ভাইক হিংসা কৰা, ভাৰতৰ একতা নাশ কৰা, স্বাৰ্থসিদ্ধি শত্ৰু দমনৰ কৌশল, অসমীয়াক ঠগ, প্ৰতাৰণা, প্ৰবঞ্চনা, কপটতা, ইত্যাদি ইত্যাদি অৰ্থাৎ পৰৰ চকুত ধূলি দি, নিজে ধন, মান আৰু যশস্য। অজ্জাৰ মন্ত্ৰ। “Beform” বা “সংস্কাৰ”—হিন্দুবিলাকৰ মনত নানাবিধ কুসংস্কাৰ আছে। ওপৰত সেই বিলাকৰ কিছুমান কোৱা হইছে। (“কুসংস্কাৰ” শব্দৰ অৰ্থ চোৱা)। সেই কুসংস্কাৰবোৰ গুচোৱাৰ নাম “ৰিফৰ্ম” বা সংস্কাৰ। ময় পৰৰ বোৱাৰী জীয়াৰীৰ চন্দ্ৰমুখ দেখিবলৈ ভাল পাও; মোৰ বাধা কি? ওৰণি। অতএব ময় বক্তৃতা দিবলৈ ধৰিলোঁ—হে ভদ্ৰ মহিলাগণ। যি জাতিৰ তিৰুতাই মুখত এখান কুৎসিত ঢাকনি দি ৰাখে, সেই জাতিৰ কি উন্নতি আছে, কি উদগতি আছে? তোমালোকে ওৰণি নেপেলালে ভাৰত উদ্ধাৰ কেনেকৈ হয়?