পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদানন্দৰ নতুন অভিধান।। ৩৮৯ ঘৈনীয়েকৰ গুৰিত সিংহ, ইংৰাজৰ গুৰিত শিয়াল, সেইএ বাবু। যি চাহাবৰ কোব খায়, ভাৰ্যাৰ গালি খায়, লৰা ছোৱালীৰ মূৰ খায়, সেই বাবু। যাৰ শৰীৰ অশকতীয়া, খোজ থৰক-বৰক, মুখত মদৰ গোন্ধ, যাৰ ধৰ্ম্ম নাস্তিকতা, কৰ্ম্ম শিশ্নোদৰ পূজা, নীতি ধনলাভ, আকাঙ্খা চাকৰী আৰু উপাধি লাভ, সৈইএ বাবু। যি দুপৰীয়া আফিচলৈ লৰে, গধূলি ঘৰলৈ লৰে, ৰাতি পদূলি শুঙে বা দোকানলৈ লৰে, সেইএ বাবু। যাৰ কথাৰ ঠিক নাই, ধাৰৰ লেখ নাই, বক্তৃতাৰ অন্ত নাই, হাতৰ আহৰি নাই, সেই বাবু। যাৰ গাত চাদৰ, মুখত ৰাঙ্গ, হাতত বেঁত, কাপোত আতৰ, সেই জনেই বাবু। যাৰ কাম এগুণ, কথা দহ গুণ, সহন শত গুণ, সেইএ বাবু। যাৰ সাহ নাই বিশ্বাস নাই, আত্ম গৌৰৱ নাই, পৰনিন্দালৈ ভয় নাই, সেইএ বাবু। যি দেশত হিন্দু, বিদেশত ব্ৰাহ্ম, আবাবত মুসলমান, আচাৰত খ্ৰীষ্টিয়ান, সেই বাবু। | “ভীৰু,” “Coward” –যি ঈশ্বৰক ভয় কৰে, পিতৃ-মাতৃক ভক্তি কৰে, গুৰু গোসাঁইক মান কৰে, সেইএ ভীৰু (coward)। যি মদ খাবলৈ ভয় কৰে, বেশ্যাঘৰলৈ যাবলৈ সঙ্কোচ কৰে, পিতৃমাতৃ-ভাই-বন্ধু আদি এড়িবলৈ ভয় কৰে সেইএ ভী। যি নিজ ধৰ্ম্ম নেৰে, পূৰ্বপুৰুষ বিলাকৰ সদাচাৰ নেৰে, সেইএ ভী। যি বিদেশীৰ আচাৰ ব্যৱহাৰ আদিত খামোচ মাৰি নধৰে, সেইএ ভী। সি দুষ্ট তিৰুতা বিয়া নকৰে, ব্যভিচাৰ নকৰে, হীন জাতিক ছোৱালী দিবলৈ ভয় কৰে, সেই ভী। যি ইংৰাজক গালি পাৰিবলৈ ভয় কৰে, নিজৰ জাতিকুল আৰু বংশ মৰ্যাদা এৰিবলৈ ভয় কৰে, সেই জনেই। ভীৰু। যি যিমান গৰ্হিত কাম কৰিবলৈ ভয় নকৰে, ধৰ্ম্ম সমাজ শাস্ত্ৰ একোলৈকে কুছপৰোৱা নকৰে তেওঁৰ নাম সাহীয়াল, বীৰ বা ধৰ্ম্মবীৰ। | “ কুসংস্কাৰ”—শৌচ কৰি শুচি হোৱা, গাৰ মলি গুছাবলৈ গা ধোৱ, কাপোৰ তিওৱা, ঘৰবাড়ী মছা, পিতৃ-মাতৃৰ চৰণত দণ্ডৱ কৰা, অখাদ্য অপকাৰী বস্তু নোখোৱা, নীচ জাতিৰ ছোৱালী নন, বিয়া কৰোঁতে সাক্ষী ৰখা, ঈশ্বৰৰ উপাসনা কৰা, মেতকে বামুণকে সমান নোবোলা, তিৰুক ওৰণি পিন্ধোৱা, ভদ্ৰাভদ্ৰ-বিচাৰ, আপোনপৰ-বিচাৰ, ভাল-বেয়া বিচাৰ, ইত্যাদি ইত্যাদি কেতবিলাক কামৰ নাম কুসংস্কাৰ। স্বৰূপতে হিন্দু ধৰ্ম্মত বা হিন্দু শাস্ত্ৰত যি আছে, সেইএ কুসংস্কাৰ। আগৰ হিন্দু যি কৰিছিল বা যি কৰে, সি কুসংস্কাৰ। যি কাম কুসংস্কাৰ নহয়, তাক কোনো পুৰণি মতৰ হিন্দুএ কৰিলেই সি কুসংস্কাৰ হব। কোনো কুসংস্কাৰ এতিয়াৰ হিন্দু বা কোনো ইংৰাজে পালিলেই সি কুসংস্কাৰ গুচিব। হিন্দুৰে .. । ।