সদানন্দৰ কলাঘুভি। কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাৰে ঘৰ গোটাইটো ভৰাই দিছিলে; কেতিয়াবা টিকিৰা এড়ি পায়স, কুঁহিয়াৰ, গুড়, গাখীৰ, মালভোগ কল, বৰা চাউলৰ পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলোঁ; কেতিয়াবা বা লগৰীয়া ভকত সকলে সইতে নানা বিষয়ৰ মেল পাতিছিলোঁ--আসামৰ উন্নতি, ভাৰতৰ একতা, বিদেশীৰ অত্যাচাৰ, অসমীয়া চাহাব, মাচ খোৱা, ভাত খোৱা আৰু কত কথাৰ মেল; কেতিয়াবা কেতিয়াবা ধপাত, তামোল, ভাঙ্গ, হলে ব্ৰাহ্মণ সেৱালৈ অনা এটুপি ব্ৰাণ্ডী, অভাৱত দুচকল চৰাইৰ ভজা মঙ্গহ আদি বিবিধ দেৱ পূজাৰ দ্ৰব্যেৰেও দশ ইন্দ্ৰিয়ৰ পূজা কৰা গৈছিল; মাঝে মাঝে কল-ঘুমটিৰে মিত্ৰতা কৰি কেতিয়াবা হলি, কেতিয়াবা পড়ি, কেতিয়াবা বৰশি বাই, ঘামি, কাহি, হাঁহি, হামিয়াই, সংসাৰৰ লেঠালৈ একেবাৰে পিঠি দি পৰমানন্দ সাগৰত বুৰ মাৰিছিলোঁ-আহ! কেনে সুখ, কেনে আনন্দ, কেনে দেৱ-দুল্লভ জীৱন!—এনে সময়ত—এনে সুখৰ সময়ত, কিয় আপুনি মোলৈ সেই চিঠিখন লিখিলে? বোলে। সম্পাদক মহাশয় কি, আপুনি মোৰ কলমটীয়া টোপনিটো ভাঙ্গি, মোক দুখ সমুদ্ৰত ডুবাব ধৰিলে? আহা! কেনে ঘুমটি! কেনে সুখৰ কলাঘুমটি!–যাক দেৱতায়ো নাপায়, কিন্তু বিধতাৰ বৰত, কানিৰ গুণত, অসমীয়াৰ হলে ঘৰে ঘৰে। এই কলাঘুমটিৰ গুণত অসমীয়া মানুহ কিমান সুখী! যি এই সুখৰ পৰা বঞ্ছিত হইছে, সি গৰ্ভতে নমৰিল কিয়? উপজিলেও আপোনঘাতী নহল কিয়? আপুনি ইংৰাজী পঢ়ি, কামত ধৰি, কলাঘুমটি এড়ি, কেনে দুৰ্কপলীয়া হইছে, ভাবি চাওকচোন। আপোনাৰ দৰে আৰু জনাচাৰেক অসমীয়াই এনে অময়া সুখ এড়ি মৰিবলৈ ধৰিছে; কিন্তু সদানন্দ হলে বৰ টেঙ্গৰ। সদানন্দে বহুৎ ধন ঘটিও সাত-পুৰুষীয়া কলাঘুমটি এড়ি দিয়া নাই। ময় বোপা-ককাৰ সহজ এৰিমেই কিয়? শাস্ত্ৰতো কইছে বোলে শহজে কিল জে ৱিণিন্দিএ ণ হু দে কম্ম ৱিৱজ্জণীঅএ। পশুমালণ কম্মদালুণে অণুকম্পামিদু এৱৱ শোত্তিএ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই