শকুন্তলা। ৩১ কৰভক—সৰ্গদেৱৰ জয় হওক। ৰাজমাওৱে বতৰা কৈ পঠাইছে বোলে চথা- দিনালৈ মোৰ উপবাসৰ পাৰণা হব; তাত অৱশ্যে দীৰ্ঘায়ু উপস্থিত থাকিব লাগে। ৰাজা-এফালে তপস্বীৰ কাৰ্য, আন ফালে মাতৃৰ আজ্ঞা; দুয়ে অলঙ্ঘনীয়;
- এতিয়া কি উপায় কৰা যায়?
বিদূষক—ত্ৰিশঙ্কুৰ দৰে মাজতে থাকা। ৰাজা—হয় হে, মই বৰ বিমোৰ হৈছে; নৈৰ সেঁত যেনেকৈ সম্মুখৰ পৰ্বতত লাগি আন্দোলিত হয়, কেবা ঠাইত কাম হোৱাত, মোৰ মনো সেই দৰে আন্দোলিত হৈছে। (ভাবি চাই) সখি, তোমাক মাতৃ পুত্ৰ বুলি গ্ৰহণ কৰিছে; এতেকে তুমি ইয়াৰ পৰা ঘূৰি গৈ মাতৃৰ আগত মই তপস্বীসকলৰ কামত ব্যস্তহৈ আছে বুলি জনাই, ব্ৰতত পুত্ৰই কৰিব লগীয়া কাম খিনি কৰিবগৈ লাগে। বিদূষক–মোক ৰাক্ষসলৈ ভয় কৰাত ভয়াতুৰ নোবোলা নহয়? ৰাজা—( মিচিকীয়াই হাঁহি ) তেনে কথানো তোমাৰ সম্ভৱ হব পাৰেনে? বিদূষক--যেনেকৈ ৰাজাৰ ভাইয়েক যাব লাগে, সেই দৰে যাও। ৰাজাতপোবনৰ উপদ্ৰৱ নহবৰ নিমিত্তে সকলে লগৰীয়াকে তোমাৰ লগত পঠাই . দিম নহয়। বিদূষক -তেনেহলে এতিয়া যুবৰাজ হলো। ৰাজা—( মনতে ) ই বৰীয়া বৰ চুলুং; মই শকুন্তলালৈ মন মেলাৰ কথা, কেতিয়াবা ভিতৰুৱাল তিৰোতাবিলাকৰ আগত কৈ দিব। বাৰু, ইয়াক এই দৰে কওঁ, (বিদূষকৰ হাতত ধৰি, প্ৰকাশ কৈ) সমনীয়া, ঋষিৰ সম্মান ৰখাৰ কাৰণেহে আশ্ৰমলৈ যাও; বাস্তৱতে তপস্বীকন্যাৰ প্ৰতি মোৰ অভিলাস নাই। আমাৰে আৰু পহুপোৱালিৰ লগত ডাঙ্গৰ দীঘল হোৱা, কাম-ভাৱ হীন তপস্বীকন্যাৰে কিমান অন্তৰ, দেখাচোন। সখি, মই ধেমালিতে যি কথা কৈছে, তাক তুমি সঁচা বুলি নেমানিবা। বিদূষক—এৰাতো। (সকলো বাহিৰ ওলায়)।