৩৭৮ অসমীয়া সাহিত্যৰ চানেকি। বিদূষক—যি তোমাৰৰ বিস্ময় জমাইছে, সি অৱশ্যে সুন্দৰ হব। বাজা- সমনীয়া, অধিক কি কম, বিধতাই যেন তেওঁক আগেয়ে চিত্ৰত আঁকিলৈ তাৰ পাচত জীৱ দিলে, নাইবা জগতৰ সকলোেবোৰ ৰূপৰ সাৰ ভাগ গোটাই মনৰ দ্বাৰায় সৃষ্টি কৰিলে। বিধতাৰ সৃষ্টিদক্ষতা আৰু শকুন্তলাৰ শৰীৰলৈ চাই মোৰ মনত এনেহে লাগে যেন তেওঁ এক অসাধাৰণ স্ত্ৰীৰত্ন সৃষ্টি। বিদূষক—যদি এনে হয়, তেনেহলে তেওঁৰ ওচৰত আন সকলো গাভৰু ৰূপহী তিতা হাৰিব লগা হল। ৰাজা—আৰু ইও মোৰ মনত ধৰে যে, তেওঁৰ ৰূপটি এটি গোন্ধ নোলোৱা ফুলৰ | নিচিনা, নখ নলগোৱা কুঁহিপাতৰ নিচিনা, নিবিন্ধা মণিৰ নিচিনা। সোৱাদ নোলোৱা ন মৌৰ নিচিনা, আৰু পুণ্যৰাশিৰ অখণ্ড ফলৰ নিচিনা, জগতত বিধতাই কাক এই নিৰ্ম্মল ৰূপটি ভোগী কৰে কব নোৱাৰোঁ? বিদূষক—তেনেহলে তেওঁক বেগতে সামৰ; কোনোবা ইঙ্গুলীতেল ঘহা চিকমিকীয়া মূৰেৰ তপস্বীৰ হাতত যেন নপৰে। ৰাজাতেওঁ পৰাধীন; তাতে পিতায়েকে। ইয়াত নাই। বিদূষক—তোমাৰ প্ৰতি তেওঁৰ চকুৰ ভাব কেনে? ৰাজা—তপস্বীৰ কন্যা বোলোঁতে স্বভাৱতে লাজকুৰীয়া; তথাপি মই তেওঁৰ মুখলৈ চাওঁতে তেও চকু ঘূৰাই নিছিল, আৰু আন আন কোনো কথা মনত পৰাৰ দৰে মিচিকীয়াই হাঁহিছিল, লাজত তেওঁ নিজ ভাব ভালকৈ প্ৰকাশ কৰিব নোৱাৰিলেও একেবাৰেই গোপনো কৰা নাই। বিদূষক-অৱশ্য দেখা মাত্ৰকে তোমাৰ কোলাত উঠিবলৈ নাহে।। ৰাজা—আৰু পেটত বৰ লাজ থাকিলেও অহাৰ সময়ত তেও অনুৰাগৰ ভাব প্ৰকাশ কৰিছিল। কৃশাঙ্গীয়ে খোজচেৰেক গৈয়েই মিছাকৈয়ে কুশৰ গজালি- এ ভৰিত বিন্ধিলে বুলি ৰৈছিল; আৰু গছৰ ডালত বল্ল নলগাকৈয়ে এৰুৱাও বুলি ৰৈ উভতি চাইছিল। বিদূষক—তেনেহলে সম্বল গোটোৱ।। তুমি তপোবনক উপবন কৰিলা যেনহে | দেখিছোঁ! ৰাজা সখি, কোনো কোনো তপস্বীএ মোক চিনি পাইছে; ভাবি চোৱাচোন, কি ছল কৰিনো আৰু এবাৰমান তপোবনত থাকিবগৈ পাৰোঁ।।। বিদূষক—তোমালোক ৰাজা, আন কি ছল লাগিছে? তপোবনলৈ গৈ তপস্বী বিলাকক, আমাৰ উড়িধানৰ ষষ্ঠভাগ দিওক, বুলি কলেগৈয়ে হল।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই