শকুন্তলা। ৩৭৭ সূৰ্য্যকান্ত মণিএ যেনেকৈ শীতল হৈও সূৰ্যৰ তাপ পালে অগ্নি উৎপাদন কৰে, ' সেই দৰে তপস্বীসকলেও আন তেজ গাত লাগিলে সেই দাহাত্মক তেজ উলিয়াই দিয়ে। সেনাপতি-সৰ্গদেউৰ যি আজ্ঞা।। বিদূষক--তোৰ মৃগয়ালৈ উতঙ্গনিৰ অন্ত পৰোক! | ( সেনাপতি বাহিৰ হয়)। ৰাজা (লগৰীয়াবিলাকলৈ চাই) তোমালোকেও মৃগয়াৰ সাজ খহোৱাইক। ৰৈৱতক, তয়ে নিজ কামলৈ যা।। লগৰীয়াবিলাক—সৰ্গদেৱৰ যি আজ্ঞা। | ( বাহিৰ ওলায় ) বিদূষক–তুমি ইয়াত মাখি এটাও নোহোৱা কৰিলা। এতিয়া এই লতাময় চন্দ্ৰাতপেৰে সুশোভিত গছৰ ছাঁতে আসনতে বহ। ময়য় পৰম সুখে। উপবেশন কৰে। ৰাজা—আগে আগে বঁলা। বিদূষক—আহ, আহ।। দুয়ো। ( দোখোজমান গৈ বহে )। ৰাজা—মাধব্য, তুমি চকুৰ ফল পোৱা নাই; কিয়নো তুমি দেখিব লগীয়া বস্তুকেই | দেখা নাই। বিদূষক—কিয়, তুমি মোৰ আগতে আছা নহয়? ৰাজা---সকলোএ অপোন মানুহক সুন্দৰ দেখে, কিন্তু মই সেই আশ্ৰমৰ অলঙ্কাৰ | স্বৰূপা শকুন্তলাক লক্ষ্য কৰি কৈছো। বিদূষক–( মনতে) বাৰু এওঁক সেই বিষয়লৈ সুযোগকৈ নিদিও। (ফুটাই ) কিহে সমনীয়া, তোমাৰ দেখো তপস্বীৰ কন্যালৈ মন গল—দেখিছোঁ। ৰাজা-সখি, বৰ্জনীয় বস্তুলৈ পৌৰৱ বিলাকৰ মন নেযায়। মুনি-কন্যা সুৰ যুবতীৰ পৰাহে জন্মিছে; তেওঁ এৰি যোৱাহে মুনিৰ হাতত পৰিল, যেন নৱমল্লিকা ফুল এটি ঠাৰিৰ পৰা সৰি অকন গছৰ ওপৰত ৰলহি। বিদূষক–( বৰকৈ হাঁহি) যেনেকৈ কোনো মানুহৰ বহুৎ পিণ্ড-খাজুৰি খাই অৰুচি হলে তেতেলিলৈ হেপাহ লাগে, তুমি স্ত্ৰীৰত্নবিলাক তুচ্ছ কৰি, এই হাবিয়াস কৰাও তেনে হৈছে। ৰাজা-তুমি তেওঁক দেখা নাই; সেই দেখিহে এনে কথা কৈছা। ৪৮
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই