শকুন্তলা। ৩৭০ ৰাজা—(মনতে) হায়! হায়! ধিক! মোৰ লগৰীয়া নগৰবাসী বিলাকেই মোক • বিচাৰি আহি পোবনত উৎপাত লগাইছেহি। যি হওক, মই উভতি যাওঁ। অনসূয়াডাঙ্গৰীয়া, এই বনৰীয়া হাতী তপোবন সোমোৱা কথাটো শুনি বৰ ভয় লাগিছে; আমাক কুটীৰলৈ যাবলৈ বিদায় দিওক। ৰাজা-(সুস্থিৰ ভাৱে) বাৰু তোমালোক যোৱহক। ময়য় আশ্ৰমত উৎপাত ' নহবৰ নিমিত্তে চেষ্টা কৰেগৈ।। | ( সকলে যাবলৈ উঠে)। সখীয়েকহত। মহাশয়! এইবাৰেই অতিথি সৎকাৰ কৰা নহল; আকৌ দেখা পাবৰ নিমিত্তে প্ৰাৰ্থনা জনাবলৈ লাজহে লাগিছে। ৰাজা—এনে কথা নকবা; তোমালোক দৰ্শনতেই মোৰ উত্তম সৎকাৰ হল। শকুন্তলা—অনসূয়া, কোমল কুশৰ গজালিয়ে, মোৰ ভৰি বিন্ধিছে, আৰু বক্কল খানেও কুৰুবকৰ ডালত লাগি ধৰিছে; কাপোৰ খান এৰুৱাওঁ মানে এখন্তক ৰবাহেঁ। (এই দৰে চলকৈ বিলম্ব কৰি ৰাজালৈ চাই চাই সখীয়েকহতে সৈতে বাহিৰ হয়)। ৰাজানগৰলৈ যাবলৈ আৰু মোৰ ইচ্ছা নাই। লগত অহা মানুহ বোৰৰ লগ পাই তপোবনৰ অলপ দূৰতে থকা ঠাই কৰোঁ গৈ। শকুন্তলাৰ পৰা মোৰ মন কোনো মতে ফিৰাব নোৱৰা হৈছে। যেনেকৈ বতাহৰ ফাললৈ লৈ যোৱা পতাকাত লগোৱা পলু-সূতাৰ কাপোৰে তাৰ পাচ ফাললৈ হৈ যায়, সেই দৰে মোৰ গাটো অগ ফাললৈ গলেও মনটো ব্যাকুল হৈ পাচ ফাললৈ- হে গৈছে? ( সকলে বাহিৰ ওলায়)। দ্বিতীয় অঙ্ক। ঋষিৰ আশ্ৰম। [ তাৰ পাচত বিদূষকে বিষন্ন হৈ প্ৰবেশ কৰে ]। বিদূষক।-(হুমুনীয়া কাঢ়ি) আহ! দেখিছা তোমালেকে, এই মৃগয়া-প্ৰিয় ৰাজ। জনৰ লগত আহি মই কিমান দুখ ভুগিছো দুপৰীয়া ৰদতে জহ-কালি গছৰ পাত সৰি ছাঁ নোহোৱা জাৰণিত এইটো হৰিণা, এইটো বৰা, এইটো বাঘ বুলি অৰণ্যৰ পৰা অৰণ্যলৈ ভ্ৰমি ফুৰিব লাগে। পৰ্বতীয়। জুৰিৰ অকটা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই