অসমীয়া সাহিত্যৰ চানেকি। শকুন্তলাতেৰেহলেননা কি হব? সখীয়েক দুজনা--তুমি তেওঁৰ জীৱনৰ সৰ্বস্ব স্বৰূপ হলেও তোমাক দি এই | অতিথিজনাক কৃতাৰ্থ কৰিব। শকুন্তল-গুচ তহঁত। মনত কি ভাবি তহঁতে এনে কথা কৈছ। তহঁতৰ কথা মই মুশুননা। ৰাজা—ময়ে তোমালোকৰ সখীয়াৰ সম্বন্ধে কিবা অলপ সুধিব খোজে। সখীয়েকদুজনা—ডাঙ্গৰীয়া, এই প্ৰাৰ্থনা অনুগ্ৰহ মাগোন। ৰাজা—ভগৱান কাশ্যপ জাৱজ্জীৱন ব্ৰহ্মচাৰী বুলি প্ৰসিদ্ধ; তোমালোকৰ সখীয়েৰা | তেওঁৰ জীয়েক—ইনো কেনেকৈ হব পাৰে? অনসূয়া—মহাশয়, শুনোক; কৌশিক-গোত্ৰ নামধাৰী এজনা বৰ প্ৰভাৱশালী ৰাজৰ্ষি আছে। ৰাজা—আছে, শুনিছোঁ। অনসূয়া–তেওঁকেই আমাৰ প্ৰিয় সখাৰ জন্মদাতা বুলি জানিব। এৰি যোৱাত পাই ডাঙ্গৰ-দীঘল কৰাৰ নিমিতেহে পিতা কাশ্যপ এও'ৰ পিতায়েক। ৰাজা—এৰি যোৱা বোলাত মোৰ মনত কৌতুহল জন্মিল; গুৰিৰে পৰা শুনিব খোজে। অনসূয়া—ভাল, ডাঙ্গৰীয়াই শুনোক। পূৰ্বে হেনো সেই ৰাজৰ্ষি উগ্ৰ তপস্যা কৰিবলৈ ধৰাত, কিবা কাৰণে আশঙ্কিত হৈ দেৱতা সকলে তেওৰ তপ ভঙ্গ কৰিবৰ নিমিত্তে মেনকা নামে অপসৰাক পঠাই দিছিল। ৰাজা—অনেক তপস্যা কৰা দেখিলে ভয়-খোৱা স্বভাৱটো দেৱতা সকলৰ আছে হয়। অনসূয়া–পাচে তেওঁৰ ৰমণীয় বসন্ত কালত মেনকৰি উন্মাদ জন্মোৱা ৰূপ দেখি- [ লাজত আধা কোৱাকৈ ৰয় ]। জাপাচে কি হল জনাই যায়। এও অপ সৰাৰ কন্যাই ঠিক। অনসূয়া—হয়। ৰাজা—যুগুত হৈছে; মানুহৰ গৰ্ভত এনে ৰূপৱৰ্তী কন্যা হোৱা কেনেকৈ সম্ভৱ হব? | মাটিৰ ভিতৰৰ পৰা চিকমিকীয় বিজুলী ওলায় নে? [ তললৈ মুকৈ থাকে। ৰাজা-( মনতে) এতিয়া মোৰ মনোবাঞ্ছাই ঠাই পালে; কিন্তু সখীয়েকে যে | ৰঙ্গতে দৰা বাঞ্ছা কৰাৰ কথা কৈছিল, তাক শুনি মোৰ মনত বৰ সন্দেহ হৈছে। প্ৰিয়ম্বদা—( হাঁহি মুখেৰে শকুন্তলালৈ চাই ৰাজাৰ ফাললৈ মুকৰি ) ডাঙ্গৰীয়াই আৰু কিবা কব খুজিছে যেন পাও।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই