পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শকুন্তলা। ৰাজা—তোমালোকৰ মধুৰ বচনৰ দ্বাৰায়েই অতিথি-সৎকাৰ কৰা হৈছে। প্ৰিয়ম্বদা-তেনেহলে ডাঙ্গৰীয়াই এই শীতল সপ্তপৰ্ণ বেদিৰ ওপৰতে এখন্তক বহি জিৰণি লওক। ৰাজা-তোমালোকৰৰ গছৰ গুড়িত পানী দিওঁতে তাগৰ লাগিছে নহয়নে? অনসূয়া—হেৰা শকুন্তলা সখি! অতিথি সকলৰ ইচ্ছা মতে চল আমাৰ উচিত হেঁ। আমিও ইয়াতে বহোঁহঁক আহা। [ সকলো বহে ] শকুন্তলা—( মনতে) এওঁক দেখি কিয়নো মোৰ মনত তপোবনৰ বিৰোধী ভাবৰ উদয় হৈছে? ৰাজ। -(আটাই কেইজনালৈ চাই ) আহা? তোমালোকৰ একে বয়স, একে ৰূপ; তোমালোকৰ সৌহৃদ্য কেনে সুন্দৰ? প্ৰিয়ম্বদা—[ আনে নুশুনাকৈ ] অনসূয়া, এওনো কোন? দেখাচোন, তেওঁৰ কেনে সুন্দৰ আৰু গম্ভীৰ অকৃতি; তেওঁ কেনে চতুৰালিকৈ মধুৰ আলাপ পাতিছে। কোনোবা ৰাজ-প্ৰতাপী পুৰুষ যেন লাগিছে। অনসূয়া-সখি! মোৰে জানিবৰ মন গৈছে। বাৰু, এওঁক সুধি চাওঁচোন। [ ফুটাই ] ডাঙ্গৰীয়াৰ মধুৰ অলপ দেখি মোৰ মনত এই কথা সুধিবলৈ সাহ হইছে, যে, ডাঙ্গৰীয়াইনো কোন ৰাষি বংশ পোহৰ কৰিছে, কোন দেশৰ লোককেই বা আপোনাৰ বিৰহত উদ্বিগ্ন কৰাইছে, আৰু কি নিমিত্তেই বা আপোনাৰ সুকোমল শৰীৰকো পোবনলৈ অহা ক্লেশ দিছে? শকুন্তলা—( মনতে) হৃদয়! তই ইমান তত নোপোৱা নহবি। তই ভবা কথা অনসূয়াএ শুধিছে। ৰাজা-- ( মনতে ) এতিয়া কেনেকৈ নিজৰ কথা প্ৰকাশ কৰে৷? কেনেকৈয়ে নিজৰ মিছা পৰিচয় দিওঁ? বাৰু, এওঁক এই দৰেই কও'। ( প্ৰকাশকৈ ) মই পৌৰৱ ৰাজাৰ দ্বাৰায় ৰাজ কাৰ্যত নিযুক্ত হৈছে; এতিয়া তপস্বী সকলৰ যজ্ঞ আদি নিবিঘিনিয়ে চলিছেনে নাই চলা, তাক জানিবৰ নিমিত্তে আশ্ৰমলৈ আহিছোঁ। অনসূয়া--এতিয়া তপস্বী সকলে এজন আশ্ৰয় পালে। শকুন্তলা— (কাম-ভাৱৰ পৰা হোৱা লজ্জা প্ৰকাশ কৰে )। সখীয়েকহঁত- (দুইৰে গঢ় গতিলৈ চাই মনৰ ভাব বুজি, আনে মুশুনাকৈ কাণে কাণে ) হেৰা শকুন্তলা! যদি আজি পিতাই ইয়াত আহি পায়হি। ৪৭