পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৮
অসমীয়া সাহিত্যৰ চানেকি।

 কৰ্ণ—(ভিতৰলৈ গৈ ভাত আঞ্জা আনি বুঢ়া বামুণৰ আগতে থয়।)

 বুঃ বামুণ—ইঃ। ইয়াৰে কি হব? টেঙা আঞ্জা নহলে মই লঘোনীয়া মানুহে কেনেকৈ খাম? এইবোৰ দেখোঁ বাৰে-মছলাৰে কিবা খন কৰিলে। ইস্! মই কি বিপদত পৰিলোঁহি। যোৱা মঙহৰ টেঙা এখন বেগতে ৰন্ধাই আনাগৈ।

 কৰ্ণ—প্ৰভু। যি আছিল সকলো ৰান্ধি দিলে। মঙহ এফেৰাও নাই— অইন মঙহ দিলে জানো নহব?

 বুঃ বামুণ—আছে, আছে যোৱাঁ। ৰাণীয়ে মূৰটো লুকুৱাই থৈছে। তাৰেই ৰান্ধি দিবলৈ কোৱাগৈ। নহলে মই নেখাওঁ, যাওঁ। এইবোৰ থাকিল আকা। তুমি এতিয়া নিশ্চয় নৰকলৈ যাবা।

 কৰ্ণ—প্ৰভু। দাস বেগেতে ভিতৰৰ পৰা আহোঁ, এখন্তক ৰব, নেযাব।

( ভিতৰলৈ যায়)।

(পটক্ষেপণ)

অন্ত।

 

⸺⸺