৬৪৭ ৬৪৭ গীত। কি সুন্দৰ কথা আহা শুনে আজি মই। আজিহে গুচিলে প্ৰভু, মোৰ ভব-ভয়।। হৰি হৰি হৰি বুলি, নাচো আহা বাহু তুলি হিয়া মেলি, হৰি বুলি হও' হৰিময়। বুঃ বামুণ-উস্। বাৰু দেখিছা বোলে—মোৰ ভকত জীৱ যায়, তেও দেখোন মন-কাণ নাই। হল হল যোৱা কাটি বাছি ৰান্ধি-বাঢ়ি দিয়াঁহি, পেটৰ খজুৱতি মাৰে।। (পূবমুৱাকৈ বৃষকেতু বহে, কৰ্ণ আৰু পদ্মাৱতী দুয়ো কাটিবলৈ উদ্যোগ কৰাত) বলো সৌখিনিত কাটাহঁক, মই চাই আছে। এইখন তেজ- কুৰে অটকাৰ কৰিব নেলাগে। (তিনিও ভিতৰ সোমাই গৈ, ভিতৰত কাটে, বামুণে হাঁহে )। বৃষকেতুৰ কটা মূৰটোৱেৰাধাকৃষ্ণ, ৰাধাকৃষ্ণ, গোলোক-বিহাৰী হৰি। | বুঃ বামুণ—ধন্য দাতাকৰ্ণ, তোমাৰ যশ পৃথিবীত চন্দ্ৰ সূৰ্য্য থাকে মানে ৰল। তুমি যাথাৰ্থ সুপণ্ডিত আৰু সাধু ৰজা। এতিয়া সেইবোৰ ভিতৰলৈ নি ভালকৈ ভাত আঞ্জা ৰান্ধি-বাঢ়ি লৈ আহাগৈ। অলপপা পেলাই নিদিব। যোৱ। যোৱ।, বেগতে লৈ যোৱ।। মোৰ ভোকত পেট কমলাবলৈ ধৰিছে। ( অকলৈ বহি আপোনা আপুনি ) বুঢ়া মানুহ দাতকেটাও লৰিছে, কেটামান গলেই। কোমলকৈ সিজাই নিদিলে কথাৰে আহৰি। ( ইফালে সিফালে চাই পেটটো খপিয়াই ) উস্। ভাল পলম হৈছে। ৰাণীয়ে মূৰটো লুকুৱাই ৰাখিছে। মই যেতিয়া যাম, . তেতিয়া বৃষকেতুৰ মূৰটো আগতলৈ বিনাই বিনাই কান্দিবলৈ মনত আলচ কৰিছে। বাৰু, ৰহ, ময়ো বাপেকে এটা কথা কৰিম-যেতিয়া আতাইবোৰ আনিব, মোৰ টেঙা আঞ্জা নহলে খোৱা নহয় বুলি আকৌ মূৰটোৰ টেঙা ৰন্ধাম। ( চিঞৰি )। মহাৰাজ। হল নে নৌ? মোক আজি ভাল মুৰত টঙনিয়াই মাৰিলা। কৰ্ণ—( আহি সভক্তি অন্তৰে ) আৰু বিলম্ব নাই প্ৰভু। ৰাণীয়ে লৈ আহে হে লাগে। বুঃ বামুণ–তুমি আজি মোক ইমান শাস্তি তেও দিব নেলাগিছিল। কৰ্ণ—প্ৰভু। বন্দীৰ অনেক অপৰাধ হৈছে। পাপাক চৰণ তৰী দি। নতলে উপায় নাই। বু বামুণ।—মিঠা কথাৰে জাননা পেট ভৰে? যোৱা বেগতে লৈ আহাগৈ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩১০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই