৬৪৪ অসমীয়া সাহিত্যৰ চানেকি পট পৰিবৰ্ত্তন। ৰজাৰ অন্তঃপুৰ। পদ্মাৱতী আৰু কণ্টকী। কৰ্ণ—( বৃষকেতুক কোলাত লৈ উপস্থিত হৈ বিৰস মনেৰে ৰাণীক) এইটি তোমাৰ হেঁপাহৰ ধন। 'পদ্মা—(উত্ৰাৱল মনেৰে ৰজাক ) চাও মোৰ সোণাইক চাও। (কান্দি কান্দি বৃষকেতুক) অ’ মোৰ লাহৰী! তুমি তোমাৰ খাইমুৱী কাঠৰীক এবাৰ আই বুলি মাতা। তুমি মোক জন্মৰ নিমিত্তে সেন্দুৰীয়া মুখ খনিৰে চুমা এটি দিয়া। মই মৰি এতিয়াও ভাল জীয়াই আছে! ( ক্ৰন্দন ) | বৃষকেতু—আই! তুমি বিয়াকুল হৈ কেলৈ কান্দিছা! তুমি কান্না দেখিলে, মই মনত বৰ দুখ পাও। তুমি নেকান্দি।। পদ্মা—মোৰ দেহাডুখৰি! মই যখণীয়ে তোমাক মাৰিব খুজিছো। তোমাক আৰু জন্মলৈ দেখা নেপাওঁ। মই বৰ কুলক্ষণী। মই নেকান্দি নোৱাৰে, মোৰ সোণাই! বৃষকেতু—আই! মোক কেলুৈ মাৰিব খুজিছা? মাৰিব খুজিছা যদি কান্দিছ | পদ্ম—আই ঔ! মোৰ লাহৰীৰ কপালত এয়ে হে আছিল! ইয়ালৈকেহে মই তুলিতালি ডাঙৰ দীঘল কৰিলোঁ, মোৰ পেটত জন্ম নিদিয়া হলেই ভাল আছিল। ঈশ্বৰে দি আকৌ এনে প্ৰতাৰণা কৰি নিয়ে কিয়? (দীঘল হুমুনীয়া কাঢ়ে ) বৃষকেতু—আই! মোক কোনে নিব? পদ্মা--মোৰ সোণাই আজিৰ পৰা তোমাৰ চন্দ্ৰমুখ দেখিবলৈ নেপাওঁ আৰু। কৰবাৰপৰা বুঢ়া বামুণ এজন আহি তোমাৰ দেউতাৰক অঙ্গীকাৰ কৰাই সত্যত বন্ধ কৰি পিছত তোমাৰ মঙহেৰে হেনো একাদশীৰ পাৰণ কৰে। বৃষকেতু—তাৰ নিমিত্তে আই! তুমি ইমান শোক কৰিছা কিয়? এইটে। বৰ সজ কৰ্ম্ম। মোৰ যথাৰ্থতে জীৱন সাৰ্থক। আহা! এই ক্ষণস্থায়ী-অকৰ্ম্মণ্য মাংসপিণ্ডৰূপ দেহাটি মৰিলে ছাই হব, নাইবা পৰুৱা পিপৰাই খাব। এনেস্থলত মই বামুণৰ ভোজ্য হম, ইয়াতকৈ আনন্দৰ কথা জগতত কি আছে? মোৰ কথা ধ, দুয়ো আনন্দ মনেৰে মোৰ মঙহ বামুণক খুৱাই অতিথি সৎকাৰৰূপ ঈশ্বৰক পূজা কৰাহঁক।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই