দুৰ্গাপ্ৰসাদ দত্ত। - -- -- - বৃষকেতু। (পৌৰাণিক নাট।) চতুৰ্থ দৰ্শন। ৰাজ আলি। বৃষকেতু অৰু কিছুমান লৰা। কৰ্ণ—(বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছ, এইপিনে আহ।। মই অধমে তোমাক বিচাৰি ফুৰিছো? বৃষকেতু—( লৰাবোৰক ) মোক ভাই! দেউতাই অথনিৰে পৰা বিচাৰি ফুৰিছে। তোমালোকে ধেমালি কৰি থাকঁা, মই কিবাকিবি খাই আহেগৈ। মই অথনিয়েই একো নোখোৱাকৈ গুচি আহিলো গুণে দেউতাই বিচাৰি ফুৰিছে। মই নগলে দেউতাই খং কৰিব। তেও ভু নোপোৱাকৈ আয়ে উমলিবলৈ পঠিয়াই দিছিল। এতিয়া দেউতাই কিয় বিচাৰিছে বুজ লৈ আকৌ আহিম এতিয়া মই যাওদেই। (গৈ আধা বাটৰ পৰা উভতি আহি) ভাই! আকৌ আহিম বুলি প্ৰতিজ্ঞা কৰাটো মোৰ অন্যায় হল। মানুহৰ জীৱনৰ কি ঠিক আছে? এই আছে, এই নাই, যদি জীয়াই থাকে, তেন্তে আকৌ আহি তোমালোকৰ লগত ধেমালি- ধুমুল কৰিমহি। যদি নোৱাৰে।এয়ে বিদায় হলো বুলি জানিবাহঁক। সময়ত তোমালোকক অনেক কথাত আহুকাল কৰিছিলোঁ। সেইবোৰ ক্ষমা কৰিবাহঁক।। ১ম লৰা—ভাই! তোমাৰ মুখে আগেয়ে কেতিয়াও এনে কথা শুনা নাছিলোঁ। আজি শুনি বৰ আচৰিত হৈছে। ২য় লৰাভাই! তোমাৰ কথা শুনি মোৰ মনত বৰ বেজাৰ লাগিছে। ৩য় লৰা—ভাই, হঠাৎ এনে কথা কেলৈ কল? কৰ্ণ—( আহি ওচৰ চাপি) মই তোমাক বিচাৰি ফুৰিছো নহয়—আহ ঘৰলৈ যাও ( কোলাত তুলি চুমা খাই ঘৰলৈ প্ৰস্থান)
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই