দধি, দুগ্ধ, আদি দ্ৰব্য ভোজন কৰিলা।
বাসৰ গৃহক নলে সুখে চলি গৈলা॥ .
কুসুম শয্যায় নল জাগে বিভাবৰী।
কৌতুক কৰিলা মিলি যত সহচৰী॥
আপুনি ৰসিক নল নৈষধ ঈশ্বৰ।
ৰসিকা যে দময়ন্তী ৰসৰ সাগৰ॥
দোহে দোহাকাৰ ৰূপে মুগ্ধ অতিশয়।
পৰস্পৰে দুই হন্তে দোহাকো দেখয়॥
দৰিদ্ৰ পাইলে যেন নৱৰত্ন নিধি।
ততোধিক ভাগ্য মানি প্ৰশংসয় বিধি॥
নলে বোলে প্ৰাণেশ্বৰী শুনাহা বচন।
যাবত শৰীৰে মোৰ থাকয় জীৱন॥
তাৱত নেৰিবো মই তোমাক কখন।
সত্যে সত্যে কহোঁ মই স্বৰূপ বচন॥
তুমি কায়া মই ছাঁয়া কহিলো নিশ্চয়।
পুনঃ সত্যে কৰি কহোঁ নাহিকে সংশয়॥
হেন মতে সুখ ৰাত্ৰি প্ৰভাত হইলা।
শয্যাহন্তে উঠি নল প্ৰাতঃকৃত্য কৈলা॥
নিত্য কৰ্ম্ম কৰি ৰাজা অবসৰ ভৈলা।
যোড়ষ ব্যঞ্জনে ৰাজা ভোজন কৰিলা॥
তেবে ভীম নৰপতি দুঃখিত অন্তৰ।
কন্যাক পাঠাইবে লাগি চিন্তাতে অস্থিৰ॥
পাটৰাণী সুমতিও কান্দিবে লাগিলা।
অন্তেষ পুৰত ক্ৰন্দনৰ ৰোল ভৈলা॥
মাহিয়তী পেহিয়তী আদি যত জন।
বিনাইয়া কান্দে সবে দময়ন্তী গুণ॥
মাৱে, জীৱে, গলাগলী কৰয় ক্ৰন্দন।
ৰাণী বোলে দময়ন্তী মোৰ প্ৰণধন।
তোক এড়ি কেন মতে মই প্ৰাণ ধৰো।
তোৰ অবিহনে মই পুৰিডেই মৰো॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৮
অসমীয়া সাহিত্যৰ চানেকি।