অসমীয়া সাহিত্যৰ চানেকি। হাঁহত ইমান আদি সময় বিধান কৰে। ইয়াৰ পৰা দুৰ্গা পূজা, কালী পূজাত ইমান অসংখ্য পশুবধ হয়। কিন্তু সি যিকি নহওক, গুৰি আচলতে ঠিক আছে। পুৰাণত এটি গল্প আছে, তাক তন্ত্ৰয়ে সমৰ্থন কৰিছে। গল্পটি এই — এজন ৰজাই বহুত বছৰ এজন গোঁসানীক অনেক কমে অসংখ্য পশু বলি দি পূজি আছিল। অন্তকালত যেতিয়া সেই ৰজা স্বৰ্গলৈ যায়, তেতিয়া বাটত অলপ দূৰৈত দেখিলে যে এঠাইত বহুত প্ৰাণীয়ে হাতত একো খনি দালৈ থিয় হৈ ৰৈ আছে। স্বৰ্গৰ দূতক কাৰণ সোৰ্ধত ৰজাক কলে, সেই প্ৰাণী বিলাকে আপোনালৈকে বাট চাই আছে। পৃথিবীত আপুনি ইহঁতক বলি দিছিলে। এতিয়া ইহঁতে আপোনাক বলি দিবলৈ সাজু হৈ আছে। ইহঁতে আপোনাক কাটিবই; ইয়াৰ পৰা হাত সাৰিবৰ একো উপায় নাই। ৰজাই এই কথা শুনি বিচুতি হৈ উপাসিত গোঁসানীক স্তুতি কৰিবলৈ ধৰিলে। গোসানী আহি কলে যে, তোমাৰ কৰ্ম্মফলৰ ভোগ কৰিবই লাগিব। ইয়াৰ পৰা মই তোমাক মুক্তি দিব নোৱাৰে।। ৰজাই কলে, মই তোমাৰ উদ্দেশ্যেহে বলি দিছিলে? গোসানীয়ে কলে, তুমি মোক সংসাৰৰ বিষয় ভোগৰ নিমিত্তে পূজিছিলা, ময়ো তোমাক সংসাৰৰ যত ৰকম সুখ হব পাৰে, সকলো দিহিলে। তুমি কেতিয়াও কোনো দুখত নপৰিছিল। এই কথা শুনি বিবুদ্ধি হৈ ৰজাই বৰকৈ কাকুতি কৰিব ধৰাত, গোঁসানী নিৰূপায় হৈ মহাদেৱক মাতিলে। মহাদেৱে গোসানীৰ অনুৰোধত, অনুগ্ৰহ কৰি বিধান কৰিলে যে অতবোৰ প্ৰাণীয়ে প্ৰত্যেকে এবাৰ এবাৰকৈ নেকাটি একেখন দাত ধৰি ৰজাক একে কোবেই কাটক বাৰু। এটা প্ৰাণীয়ে কাটক, ৰজাই এই শৰীৰ এৰি অন্য শৰীৰ ধৰক, আকৌ এটাই কাটক নতুন শৰীৰ ধৰক, এনে হলে বাটতে যুগ-যুগান্তৰ যাব, স্বৰ্গলৈ যোৱা নহব। এই বিধানত জানিবা কোনো মতে ৰজাই আকৌ এবাৰ শৰীৰ এৰি নতুন শৰীৰ ধৰি স্বৰ্গলৈ গল। | এই গল্পটিৰ পৰা বুজা যায়, প্ৰাণী বধ কৰা পূজা বা ভক্তিৰে একো সম্পৰ্ক নাই। প্ৰাণীবধ নিজৰ পাৰ্থিব সুখৰ নিমিত্তে, ধৰ্ম্ম বা পূণ্যৰ নিমিত্তে নহয়।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই