ভাগ্যে মোৰ কিন্তু হায়, বিধিৰ লিখন,
লৰিল যতেক মানে মানৱ ব্যৱস্থা।
ললেহি আপুনি যেন, পাত্ৰীৰ আসন,
অৰ্দ্ধাঙ্গিনী লীলা মোৰ, আচৰিত ভাৱে।
পুণ্য প্ৰেম লীলা-খেলা, ধন্য লীলাৱতী!
জনমত দেখা নাই; তথাপি প্ৰাণত
অদৃশ্য ধাৰেৰে বলে মিলনৰ সোঁত;
চিনিলে আত্মাই মোৰ, অৰ্দ্ধ আত্মা তাৰ।
দেখিছিলোঁ বিবাহৰ কত ৰীতি নীতি,
বৰ-ব্ৰত ধৰা কত বন্ধু প্ৰণয়ৰ।
নুবুজিলোঁ মন-প্ৰাণ কি যে কৰে তাৰ, •
কি ভাবে চায় হিয়া, সেই মহাদিনে।
সুখ-দুখ, লাজ-মান, আনন্দ-বেজাৰে,
একাকাৰে উলাহঁত কৰি তিৰবিৰ,
কঁপালে হৃদয় যোৰ কঁপিল শৰীৰ,
মাতৃয়ে যেতিয়া হায়, ধৰিলে আঁচল
বেই ঘূৰনিত; নাৰীৰ শাসনতলে।
সুমধুৰ গীত-বাদ্য, ৰাগিনী পঞ্চম,
কোকিলৰ কুহু ৰাৱ কবিতাৰ সুৰ,
বাজিছিল প্ৰাণে মোৰ, অমৃত সমান।
কামিনীৰ কণ্ঠে কিন্তু, ঢালিলে যি সুৰ,
উল্লাসিত প্ৰাণে; নেপাও উপমা তাৰ,
গীত, ৰাগ, কুহুৰাৱ, কবিতা সুৰত।
সুন্দৰ মুখনি হায়, মঙ্গল উৰুলি।
এইৰূপে দুই ৰাতি, গল তিনি দিন,
পৱিত্ৰ বৰৰ ব্ৰত কৰি আচৰণ,
দেৱতা সমান হয়, মানৱ জীৱনে।
বুজিলোঁ, এদিন মানৱে দেৱত্ব পায়।
আগে পাচে হাঁহে নাচে, আনন্দ নধৰে;
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৬
অসমীয়া সাহিত্যৰ চানেকি।