পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৫
লীলা

নিৰলে পাতিলে কাণ, কান্দিলে নিৰৱে,
মনে মনে অৰ্দ্ধাঙ্গৰ অৰ্দ্ধেক পৰাণে।
উত্ৰাৱল হৈয়া ফল, অৰ্ধাঙ্গিনী ধ্যানে।
কল্পনা চকুৰে চালোঁ প্ৰিয়া অনুকৃতি
পূৰ্ব প্ৰকৃতিত, অপূৰ্ব জেউতি চৰা।
সৃষ্টি-লীলা প্ৰতি স্তৰে সাংসাৰিক লীলা,
বিৰিঙ্গি উঠিল হায়, ব্ৰহ্মাণ্ড বিয়াপি।
এই ভাৱে কিছুকাল যাপিলোঁ জীৱন ,
পিতৃ-আজ্ঞা বিবাহৰ পালেহি ওচৰ।
প্ৰবাহিত নদে যেন পালে ভেটা-ভঙ্গা;
উলাহত পিতৃ-আজ্ঞা ধৰিলোঁ শিৰত।
শিৰে-বোৱা আবেগৰ শতধাৰা সোঁত,
বাগৰিল দুটি ধাৰে, দুগালে ঢৌৱাই!
মুহুৰ্ত্তে ভাবনাযুত। দেখা নাই আগে,
কিৰূপ ধৰিছে প্ৰিয়া। চিনিম কি মতে।
অৰ্দ্ধাঙ্গিনী বুলি মোৰ; মায়া যুত চকু।
কি আছে উপায়, পাত্ৰীৰ বাচনি ভাৰ।
পিতৃ-দেৱতাত। সাঙ্গ কৰি সেই কাৰ্য্য
পাচিলে আদেশ পাচে পুত্ৰ শিৰলই।
সাধ্য কি অৱজ্ঞা কৰে, জন্মগুৰু ডাক।
ললোঁ খোজ ধীৰে ধীৰে, ভবিষ্য নেভাবি,
চিন্তি মাথোঁ মনে প্ৰাণে, বিধিৰ বিধান;
যি বিধি সৃজিলে হায়, অৰ্দ্ধাঙ্গিনী নাৰী।
পাহাৰৰ প্ৰান্ত এৰি নামিলোঁ ভৈয়াম;
নতুন উদ্দেশ্য আগে, নৱ উছাহত।
ভিতৰি আশঙ্কা জুই, জ্বলে চতুৰ্গুণে,
অঘটন ঘটে জানো অন্য অৰ্দ্ধাঙ্গিনী।
আচৰিত! বাচনিত পৰিল সঁচাকে,
অন্য এক অৰ্দ্ধনাৰী, মানৱ চকুত।
সাধ্য কি প্ৰকৃত ধৰে নৰ চকু-জালে।

৭৯