আজ্ঞা মাত্ৰে হল দুই, প্ৰত্যেক মানৱ,
প্ৰকৃতি পুৰুষ সৃষ্টি, মানৱ মানবী।
সেই হন্তে অৰ্দ্ধাঙ্গিনী প্ৰথম স্ৰজন।
ইৰূপে সৃজিলে যেবে মানৱ সংসাৰ,
আবৰিলে দুটি চকু মায়াৰ ঢাকোনে।
অপূৰব লীলা এক, সংসাৰ মহিমা,
থিতাপিল প্ৰতি প্ৰাণে অভেদ্য কৌশলে।
অনন্ত মায়াৰ মাজে লীলাবান নৰ,
লীলাৱতী নাৰী সতে কৰি সানমিল,
সমুদায় অৰ্দ্ধ-অৰ্দ্ধাঙ্গিনী, নৰ-নাৰী,
সিঁচিলে চৌপাশে বিধি, আদেশি পুনৰ।-
“যেৱোঁ ঘুৰি অৰ্দ্ধ অঙ্গ; নিজ অৰ্দ্ধাঙ্গিনী
বিচাৰি মিলিবাঁ সৱে। মিলনৰ ফলে
পাবা এক অতৃপ্ত সুখক। অন্ত তাৰ
নেপাবা জীৱনে। পোহৰ-জেউতি যেনে
বঢ়ায় এন্ধাৰে; ৰূপহীৰ চৰে ৰূপ,
কৃষ্ণ কেশপাশে। সেইৰূপ দুখ-তাপ,
ৰোগ-শোক, ভয়-ভ্ৰম, বিৰহ-সন্তাপে
চৰাব নিতকে সেই সুখৰ জেউতি।
ভাগ্যে যাৰ মিলে ঠিক নিজ অৰ্দ্ধাঙ্গিনী
সুখ-শান্তি বন্ধা তাৰ পূৰ্ণ মিলনত;
নতুবা অমিল ভাৱে অসুখী সংসাৰ।
পালিবাঁ আজিৰ হন্তে সংসাৰ ধৰম;
চলিব এই সৃষ্টি-ৰীতি যুগ যুগান্তৰে।”
অন্তৰ্দ্ধান মহাপ্ৰভু । চলিলা বৈকুণ্ঠে।
মায়াৰ ঢাকনি তলে, বিভোল মানৱে
আৰম্ভিলে মহামেলা; সাংসাৰিক লীলা।
জনমি কালত পাচে, অৰ্দ্ধঅঙ্গ এই,
আৰস্তিলোঁ মনুলীলা, বিধিৰ বিধানে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১৯
লীলা