পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১৭
লীলা

গুৰু দীপ্তি আগ কৰি, অন্ধৰ চকুত
যেনে প্ৰদীপৰ তাপ,—উমানে উমানে,
দুটি ফুল, এৰি যোৱা, পাইছোঁ বিচাৰি;
গাথোঁ তাৰে এটি ধাৰ, গৰখীয়া মালা!
নোশোভে ই মাতৃ কণ্ঠ; নুজুৰায় হিয়া;
থাকোক এপাশে পৰি, পাদ-পদ্ম চুই;-
ধৰা সুৰ দেবি! গাথোঁ দুখীয়াৰ মালা।
কি হাৰ ৰচিম হায়, কি সম্বল মোৰ,-
দুদিনীয়া সাংসাৰিক লীলাৰ কাহিনী।
নহয় নতুন দেখা, অপূৰ্ব্ব ঘটনা;
তোলাপৰা কৰি কত দিনে উঠে পৰে,
সৃষ্টিৰ চকৰি-যোঁতা। তথাপি, নতুন
দিনকে সূৰয, নিতে নৱ দিন দিয়ে;
নতুন জোনায়ে নৱচন্দ্ৰ নাম পায়,
প্ৰতি মোহেকৰ পাচে। বছৰ নতুন,
বতৰ নতুন, নতুন চলতি ঋতু;
সি দৰে নতুন, মোৰ লীলাৰ কাহিনী,
ঘূৰিছে যদি বা এনে ঘটনা চকৰি।
জানাতে সৃষ্টিৰ লীলা বিধিৰ হাতত,
প্ৰকৃতি পুৰুষ, কিবা মানব মানবী।
সৃষ্টিৰ পাতনিৰূপে মায়াৰ বিকাশ
জগতৰ সৃষ্টি পাচে, আৰু জীৱগণ।
স্বৰগ, মৰত আৰু পাতাল নামত,
ত্ৰিজগত নিৰমাণ; ব্ৰহ্মাণ্ডৰ ভাগ।
স্বৰগত দেৱগণ, উচ্চতম জীৱ,
উচ্চতম ভোগ অধিকাৰী, সেই মতে
আবিৰ্ভাব, দেৱলোকে প্ৰকৃতি পুৰুষ;
মৰতত একাকাৰ মানৱ সমাজ।
বহুকাল ভুঞ্জি পাচে প্ৰকৃতি-বিলাস,
বাঢ়িল সংসাৰ মায়া দেৱ সমাজত।

৭৮