ভানুমতী। | ৬১৩ সিফালে চালো, কোনো নাই। লাহেকৈ কলিটিয়ে ফুলপাহিয়ে জোৰ পাতি গোহইদেৱৰ গাৰুটিৰ ওপৰতে সজাই থৈ লৰালৰিকৈ বাহিৰ হলো। গুপুতে এই। কামফেৰি কৰি আহি, মোৰ মনত কিবা এটা অসাধ্য সাধিলো যেন লাগিল। কিন্তু এই কামৰ ফলাফল ভাবি, মন আকৌ অস্থিৰ হবলৈ ধৰিলে। গোহইদেৱে ভাল পোৱা এটি কাম সাধি আহিছোঁ, এনে ভাবে আনন্দত মোৰ মন ফুলাই তুলিলে। আকৌ চালো, জানোবা তেওঁ আহি ইয়াৰ আচল তত্ত্ব নোপাৱাকৈ এই কথা লৈ জনাই দিয়েহি! তেতিয়া ভিতৰে-বাহিৰে হুলস্থূল লাগি উঠিব। দেউতাই পোনেই মোকহে ভাবিব। নেভাৰিবলৈ, মোত বাজে এনে কাম কৰিবলৈ আমাৰ ঘৰত আৰু আছে কোন? এই আশঙ্কাত মন আকৌ কলা পৰি আহিল। এই দৰেই এবাৰ এটা ভাবে মন ফুলাই তোলে, আকৌ আন এটাই মুদাই নিয়ে। এনে উগুল-থুগুল ভাবে মনৰ ভিতৰত উৎপাত লগাই থাকোতেই দেখিলোঁ, গোহইদেৱ আহি পদূলিমূৰ পালেহিয়েই! এতিয়াই ভিতৰ সোমা বহি! দেখি নো বুলিব কি! এই উতলা ভাবত মই তৰণি নোপোৱা হৈ উঠিলো। সেই মুহুৰ্তটো মোৰ নিমিত্তে সাংঘাতিক যেন লাগিল। গোহইদেৱ সোমালহি। ওলাই অহালৈ আৰু মোৰ বাট চাবৰ শক্তি নহল! | ৪ আধ্যা। | চিঠি-পত্ৰ। কেইদিন মানৰ পৰা দেউতাৰ মনটিত ৰং। পুৱা গধূলি জিৰণিৰ সময়ত তেওঁৰ মনটি ফুলি থকা যেন দেখি। আৰু মই মন কৰিছোঁ, মানুহৰ লগত কথা- বাৰ্তা হওঁতে অলপ মন ভাল লগা কথা ওলালেই দেউতাৰ মুখত হাঁহি বিৰিঙ্গিবলৈ ধৰে। ইয়াৰ গঢ়াৰ্থ কি তাকহে বুজিব পৰা নাই। প্ৰজাঘৰৰ পৰা মানুহ অহাও কেইদিন মানৰ পৰা ঘন হৈছে। সেই দিন দেউতাক অসময়ত ৰজাই মতাই নিয়াৰ পাচৰপৰা ৰজাঘৰীয়া মানুহ কেইবা জোৰাও লালিকৈ আহিছিল। তাৰ পাচতে নিতৌ আহিবই লাগিছে। আহে মানে যেন দেউতাই ভাল পায়। মানুহ উঠি যাবৰ সময়ত তেওঁ এনে ভাৱে বিদায় দিয়ে, যেন সিবিলাক আকৌ আহিবগৈ। মোৰ হলে, কি এটা কথা, ৰজাঘৰৰ মানুহ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই