পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১১
ভানুমতী।

মই সদায় তেওৰ মনটি মৰা যেন দেখোঁ। খোৱা-লোৱাতো তৃপ্তি নোপোৱা যেন দেখোঁ। দেখি দেখি দিনে দিনে মোৰ মন প্ৰাণ হত হবলৈ ধৰিলে। খোৱা-লোৱাত মোৰ তৃপ্তি নলগা হল। আগতকৈও মোৰ মন বেজাৰ-অশান্তিত বেছি দকৈ বুৰিবলৈ ধৰিলে। নিলগত থাকোঁতে গোহাঁইদেৱৰ সুখ শান্তিৰ নিমিত্তে যিবোৰ কথা আলচিছিলোঁ সি মনতে মাৰ যাব লগা হল। আকাশৰ ফুল আকাশতে মাৰ যায় যেন লাগিল। আৰু, ময়ে তেওঁৰ নতুন বিষাদৰ কাৰণ হলোঁ, এই কথাই মোৰ অন্তৰ দহিবলৈ ধৰিলে। কিন্তু কি কৰিম! মোৰ মনৰ কথা মই হে বুজিছোঁ, আনক বুজাবলৈ মোৰ উপাই নাই; আৰু বুজিবলৈকো কোনো নাই। পৃথিবীত আন কোনোবাই মোৰ অন্তৰ ঢুকি পাইছে যদি, তেওঁ গোহাঁইদেও, এয়ে মোৰ সৰল বিশ্বাস। এই বিশ্বাসতে মই এফেৰি শান্তি পাওঁ।

 মোৰ যেই হওক, গোহাঁইদেৱৰ চিন্তাই মোৰ অন্তৰ পুৰিদেই ছাই কৰিবলৈ ধৰিলে। ঘাট-মাউৰা গোহাঁইদেৱক আমাৰ ঘৰত সুখে-সন্তোষে ৰাখিবলৈ আনি এতিয়া জানিবা তেওঁক ভাল সুখ-সন্তোষ দিয়া হৈছে। আৰু ময়ে তাৰ কাৰণ হলোঁ! গোহাঁইদেৱৰ শোক-বেজাৰৰ মূল কাৰণ মই! এনে কথা মোৰ প্ৰাণে যে এক্ষন্তেকলৈকো নসহে। যাৰ সুখ-শান্তিৰ নিমিত্তে দিনে ৰাতিয়ে মোৰ ভাবনাৰ অন্ত নাছিল, যাৰ শোক-বেজাৰ পাহৰাবলৈ মই নানা কথা জুকিয়াই লৈছিলোঁ, আজি সেই জনৰ দুখৰ কাৰণ হলোঁ মই! ইয়াতকৈ আৰু হিয়া-বিদৰোৱা কথা মোলৈ কি হব পাৰে! হায়, এতিয়াও গোহাঁইদেৱৰ বিষাদৰ আচল কাৰণ মই হে বুজিছোঁ। তেওঁনো আজি কেই দিন মানৰ পৰা মনটি কিয় আমোলাই ফুৰে, তাৰ গূঢ় অৰ্থ মই ঢুকি পাইছোঁ। আনে ভাবিছে, গোহইদেৱে তেওঁৰ মাউৰা অৱস্থাৰ কথা ভাবিহে বেজাৰ মনেৰে ফুৰে। এদিন দেউতাতে তাৰ প্ৰমাণ পালোঁ। গোহাঁইদেৱক মন মাৰি থাকিবৰ দেখি, এদিন দেউতাই তেওঁক ওচৰলৈ মাতি আনি এইদৰে বুজনি দিছিল, “দেউটি! কিয়নো বেজাৰ কৰি থাকাঁ? মৰা মৰি গল, এতিয়া সেই সকলে জীয়ালৈ পিঠিহে দিছে গৈ। এতিয়া তেওঁ দেৱতা, মনুষ্যৰ মৰম-ধৰম তেওঁত নাই। এই মৰতত যাৰ পৰাই পিতৃৰ মৰম চেনেহ পোৱা যায়, তেওঁৱে পিতৃস্থানীয়। সংসাৰত তৰিবলৈ পিতৃৰ সহায় যি লাগিব, তাৰ অভাৱ তোমাৰ নাই। মই জীয়াই থকা কেইটা দিনত তুমি তেনে অভাৱত পৰিব নেলাগিব। ইয়াকে কৈ দেউতা নীৰব হল। গোহাঁইদেৱ নিতাল মাৰিয়ে ৰল। দেউতা নীৰৱ হৈছিল, গোহাঁইদেৱৰ পৰা কিবা উত্তৰ পাবলৈ বুলি, কিন্তু গোহাঁইদেৱে ফুটাই এটি কথাও নকলে। কিন্তু হায়, দেউতাই যি বুজনি দিলে সি গোহাঁইদেৱৰ মনৰ