পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১০
অসমীয়া সাহিত্যৰ চানেকি।

৩ আধ্যা।
কুঁহিত পোক।

 মোৰ মনত পৰাৰে পৰা দেউতাক ৰজাঘৰলৈ অসময়ত যোৱা দেখা নাই। আৰু ডাঙ্গৰীয়া-বিষয়াসকল সেই দৰে ৰজা ঘৰলৈ যোৱাৰ বিধি নাই। সিদিনা সন্ধিয়া পৰত স্বৰ্গদেৱে দেউতাক কিয় মতাই নিছিল, আৰু দেউতাৰে সৈতে গুপুতে কি আলচ পাতিলে তাৰ একো সম্ভেদ নেপালোঁ। ইয়াৰ তত্ত্ব লবলৈ কিমান যে যত্ন কৰিলোঁ, সকলো মিছা হল। এদিন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰে সৈতে কথাবাৰ্ত্তা হওঁতে দেউতাই হঠাৎ ৰজাঘৰলৈ যোৱা কথাটো ওলাইছিল। পিচে দেউতাই ঠাইতে পাক লগাই কথাৰ ধাৰ অইন পাকে বোৱাই নিলে। ডাঙ্গৰীয়াই টলকিব নোৱাৰিলে; কিন্তু মই কথাটোলৈ বেচকৈ মন কৰিলোঁ।

 দেউতা ৰজাঘৰলৈ যোৱাৰ পিচদিনাৰপৰা মই গোহাঁইদেৱৰ আগত নোলাবলৈ আদেশ পৰিল। ডাঙ্গৰ হবৰ পৰা ভাল মানুহৰ আগত ওলাবলৈ মোৰ স্বভাৱতে লাজ লগা হৈ আহিছিল। গোহাঁইদেৱে সৰুৰে পৰা দেখা কাৰণেহে তেওঁৰ আগত ওলাওঁ নোলাওঁ কৈ ওলাইছিলোঁ। এতিয়া, চাকুলী বাইৰ মুখে দেউতাৰ সেই হাক-বচন শুনিবৰ পৰা গোহাঁইদেৱৰ নাম লবলৈকো মোৰ লাজ লগা হল। দেউতাৰ হাক-বচনত মোৰ বেজাৰ পাবৰ কাৰণ নাই, কিয়োনো সেইটো সকলো ভাল মানুহৰ ঘৰৰ দস্তুৰ। কিন্তু সেই সময়ত ৰজাঘৰলৈ যোৱাৰ পিচদিনাই এই হাক-বচন কিয় শুনি লগা হল? এয়ে মোৰ দুপতীয়া আশা-লতাৰ কুঁহিত বিঘিনি- পোক লাগিলহি নে কি?

 সেই ৰজাঘৰলৈ যোৱা দিনৰ পৰা এটা পক্ষ পাৰ হল। এই পক্ষটো আনলৈ শুক্ল; মোলৈ কৃষ্ণ। ইয়াৰ ভিতৰত গোহাঁইদেৱে মোৰ ছাঁটোও দেখিবলৈ পোৱা নাই। আৰু মই কাৰো আগত তেওৰ নাম পৰ্য্যন্ত লোৱা নাই। গোহাঁইদেৱে মোক দেখা নাই, কিন্তু মই তেওঁক সদায় দেখোঁ। কিয়নো, মোৰ চাবলৈ বহুত সুবিধা আছে। মই বাৰ-জলঙাই দি জুমি চাব পাৰোঁ, চকোৱাৰ আঁৰত লুকাই চাব পাৰোঁ। গতিকে সেই পক্ষত গোহাঁইদেৱ মোতকৈও দুৰ্ভগীয়া, সেই পক্ষটো গোহাঁইদেৱলৈ অমাবস্যা ৰাতি।

 এই ভাৱে আৰু এটা পক্ষ গল। গোহাঁইদেৱৰ অন্তৰৰ বিষাদ ভাৱ মুখত বিৰিঙ্গি ওলাবলৈ ধৰিলে। আনে কিমান মন কৰে কব নোৱাৰোঁ।