পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৯
ভানুমতী।

সুধিলে, “কি আইদেও?” মোৰ উত্তৰ নাই! মই অলপ লাজ পাই তাৰপৰা আঁতৰি লাহে লাহে লিগিৰাহঁতৰ ওচৰ চাপিলোঁগৈ। সিহঁতেও লৰালৰিকৈ কি কৰিব লাগিব বুলি সুধিলে। মই সিহঁতলৈকো একো উত্তৰ নেপাই লাহে লাহে তাৰ পৰাও আঁতৰিব লগাত পৰিলোঁ। কিন্তু উলটি কৈ গলোঁ যে, দেউতাই দিহা দি যোৱাৰ দৰে সিহঁতে কাম সোনকালে কৰিব লাগে। লিগিৰাহঁত তেতিয়াই দিহাদিহি কামলৈ ওলাল। মই সিহঁতক এৰি, চাংমাইৰ ওচৰ পালোঁগৈ। বুঢ়া চাংমায়ে খাই উঠি মুহুদি কৰিছিল। মোক দেখি সি লৰালৰিকৈ সুধিলেহি, “আইদেও! আজি ৰন্ধা বা কেনে হৈছিল?” মই উত্তৰ দিলোঁ, “ভাল হৈছিল। আজিৰ-পৰা তাতোকৈ ভাল হব লাগিব। আজি আমাৰ ঘৰত আলহী চাপিবহি, বুজ পাইছানে?” চাংমায়ে কলে, “হৈছে আইদেও! ডাঙ্গৰীয়া দেউতাই মোক সকলে বুজাই কৈছে?” মই “বাৰু” বুলি ভিতৰ সোমালোঁহি।

 ভিতৰ নিজঞ্জাল। বুলনীঘৰ একেবাৰে নিজম পৰিছে। মোৰ মন-প্ৰাণ উৰলীকৃত হৈ কলৈ উৰিছে মই কব নোৱাৰোঁ। কি কৰিম কি মেলিম একো উৱাদিহ পোৱা নাই। এই দৰে অলপ পৰ থাকি বটাটোকে আগতলৈ বহিলোঁ। তামোল কাটিবলৈ ধৰিলোঁ। এটা তামোল কাটি তিনিখন থুৰিয়াই থৈ এখন খালোঁ। আকৌ এটা গুচাই লৈ ফহিয়াবলৈ ধৰিছো, এনেতে তামোল এৰি এবাৰ আঙ্গুলিতে ৰেপ দিলোঁ! পাণ, তামোল, বটা তেজেৰে ৰাঙলী হল! ভাগ্যে থুৰিৱা তামোল তিনিখনিত তেজ নেলাগিল। সেই কেখনি ইহাতে লাহেকৈ তুলি নি কৰণিত থলোঁগৈ। আৰু, চাকুলী বায়ে দেখে বুলি, তেজ লগা পাণ তামোল বোৰ লৰালৰিকৈ বকৰাণিত পেলাই দি বটাটো চিন মাৰি ধুই পেলালোঁ। তাৰ পাচত, কটা-আঙ্গুলিত চূণ পাণ বান্ধি, বাহিৰলৈ ওলাই আহি দেখোঁ যে, গোহাঁইদেৱক পাচে-পাচে লৈ দেউতা বাট-চৰ পাইছেহি। মই লৰমাৰি আকৌ ভিতৰ সোমালোঁগৈ কটা আঙ্গুলিৰ বিষ লাহে লাহে গম নোপোৱা হলোঁ।

৭৭