পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৮
অসমীয়া সাহিত্যৰ চানেকি।

গোহাঁইদেৱে দেউতাকৰ আসন লব পৰা বয়স নোপোৱালৈকে তেওঁক আমাৰ ঘৰত ৰখাটোকে স্বৰ্গদেৱেও স্থিৰ কৰিলে।

 স্থিৰ হল, ভাল হল, মোৰ হল কি? মোৰ সেই কথালৈ উলহ-মালহ কিয়? সেই কথাই মোৰ মনত উগুল-থুগুল লগাই কিয়? গোহাঁইদেৱ আহিব, লগত লিগিৰা-লিগিৰীও আনিব; তেওঁক আল-পৈচান ধৰিবলৈ মোৰ ইমান ভাৱনা, কিহৰ? গোহাঁইদেৱ আহিব, আহিলে তেওঁক কি দিম, কি থম, কি কম, কি লম, এইবোৰ ভাৱনা আপোনা-আপুনি মোৰ মনত আহে যায় কিয়? কিয়, কব নোৱাৰোঁ। মোৰ মন যেন দুৱাৰ-মেলা উদং ঘৰ। গোহাঁইদেৱৰ ভাবনাই তালৈ আহিছে গৈছে, সোমাইছে ওলাইছে, আপোন মনে যি ইচ্ছা তাকে কৰিবলৈ এক্তিয়াৰ পাইছে। মই মাথোন নিলগৰ পৰা চাই আছোঁ। চাই চাই চাই ভাল পাইছোঁ, মনে-মনে প্ৰাণে-প্ৰাণে কিবা এটি ফুটাই কব নোৱৰা সুখ অনুভৱ কৰিছোঁ।

 এই ভাৱেই কেইবাদিনো গল। গোহাঁইদেৱক আমাৰ ঘৰলৈ অনাৰ কথা ওলাবৰ আজি তিনদিন। এই তিনটা দিন মোৰ মনত তিনটা বছৰ পাৰ হল। কিন্তু, গোহাঁইদেৱৰ অহা নহল! আহিব কাহানিকৈ তাৰে ঠিক বতৰা নেপালোঁ। নিতৌ আহিব আহিব বুলি আশা পালোঁ, নিতৌ হতাশ হওঁ। পুৱাৰপৰা আশাত মন ঠন্‌ ধৰি উঠে, আবেলি হলে নিশাত লেৰেলি পৰে। ৰাতিটো নেযায়-নুপুৱায়। এই দৰেই তিনি চাৰিকৈ পাঁচ দিন নেযায়-নেয়কৈ গল, গোহাঁইদেৱৰ অহা নহল। নহা কেইদিন যেনে-তেনেকৈ পাৰ হল, আহিব বোলা আৰু কেই দিন আগলৈ আছে তাক ভাবি অন্ত নোপোৱা হলো। ইফালে পলম হোৱাত, নহাৰ আশঙ্কাই তাৰ লগতে উৎপাত লগাইছে। এই দৰেই আৰু দুইদিন পাৰ হল, তথাপি গোহাঁইদেৱ অহাৰ ঠিৰাং বাতৰি পোৱা নহল। মন হতাশৰ খুন্দাত ক্ৰমাৎ অৱশ হৈ আহিল। বাহিৰৰ আৱ-ভাৱ দেখি, মানুহে মোৰ মনৰ ভিতৰলৈ মন কৰা হল। এনে অৱস্থাত এদিন দুপৰীয়া এইবোৰ কথাকে গুণি-গাঁথি, পাচ চোতালত বহি আছে, এনেতে ৰজাৰ চৰালৈ ওলাই যোৱাৰ সময়ত দেউতাই লিগিৰীহঁতক দিহা দিয়া শুনিলোঁ, “আজি চাৰু গোহাঁইৱে আহিব। তেওঁৰ বই-বস্তু আহিলা-পাতি সকলে দিহা লগাই থবিহঁক। আৰু, গোহাঁইদেৱৰ শোৱা খোৱাৰ বিষয়েও মই দিহা দিয়া মতে চলিবিহঁক, মই চৰাৰপৰা আহোঁত লৰাক লগতে লৈ আহিম।” এই কেই আষাৰ আদেশ দি দেউতা ওলাই গল।

 দেউতা ওলাই গল। মই একেচাবে উঠি ভিতৰ সোমালোঁ। কিয় সোমালোঁ কব নোৱাৰোঁ, পোনেই চাকুলী বাইৰ ওচৰত থিয় দিলোঁগৈ। চাকুলীয়ে আথেবেথে