৩৬৪ অসমীয়া সাহিত্যৰ চানেকি। নিজৰ ভৰিৰে উড়ৱা ধূলিয়েও সিহতঁৰ গা চুব পৰা নাই; যেন হৰিণাটোৰ | বেগ সহিব নোৱাৰিয়েই সিহতে ইমানকৈ লৰিছে। ৰাজা।-মোৰ ঘোড়া ঠিক সূৰ্য আৰু ইন্দ্ৰৰ ঘোড়াতকৈও বেচি বেগাই চলিছে। চোৱাচোন্, দূৰৈৰ পৰা সৰু-দেখা বস্তুবোৰ তৎক্ষণাৎ ডাঙ্গ-দেখা হৈছে; বেলেগ বেলেগ বস্তুবোৰ যোৰা-লগা যেন হৈ পৰিছে; যিবোৰ বস্তু স্বৰূপতে বেঁকা, সেইবোৰৰ চকুত পোন যেন লাগিছে; ৰথৰ বেগত কোনো বস্তু এখকো মোৰ ওচৰতে ৰৈ থকা নাই, দূৰতে ৰৈ থকা নাই। সাৰথি, দেখা, এই হৰিণা মৰিল [ ধনুত কঁাড় জুৰি মাৰিব খোজে ]। ' (নেপথ্যত ) । হাঁ! মহাৰাজ! ই আশ্ৰমৰ মৃগ নেমাৰিব, নেমাৰিব। সাৰথি।( শুনি আৰু চকুদি ) সৰ্গদেও, দেখে তপস্বী জনচেৰেক আহি আপোনাৰ আৰু কঁড়িয়াব খোজা হৰিণাটোৰ মাজত ঠিয় হৈছেহি। ৰাজা।–[ ব্যগ্ৰ ভাৱে ] তেন্তে ঘোড়া ৰাখা। সাৰথি।ভাল [ ৰথ খান ৰাখে ]। | [ তাৰ পাচত এজন বৈখানসে সশিষ্যে প্ৰবেশ কৰে ] বৈখানস।—(হাত তুলি ) মহাৰাজ! এইটো আশ্ৰমৰ মৃগ, নেমাৰিব, নেমাৰিব। তুলাত জুই লগোৱাৰ দৰে আপোনাৰ বাণ এই পহুটোৰ কোমল শৰীৰত লগোৱাৰ যোগ্য নহয়; হৰিণৰ কোমল প্ৰাণেই বা কত, আৰু আপোনাৰ অতি তীক্ষ, বজ্ৰৰ সমান কঠিন শৰেই বা কত? এতেকে ধনুত জোৰা কঁড়টো খহাই লওক; আপোনাৰ শৰ, আতুৰক ৰাখিবৰ নিমিত্তেহে নিৰ্দোষীক মাৰিবলৈ নহয়। ৰাজা।—এই কঁাড় গুচালো। (ধনুৰ কঁাড়টো খহাই লয় )। বৈখানস।-আপুনি পুৰু বংশৰ প্ৰদীপ-স্বৰূপ; ই আপোনাৰ উপযুক্ত হৈছে। আপুনি নিজৰ তুল্য গুণশালী চক্ৰবৰ্তী পুত্ৰ লাভ কৰোক। ৰাজা।—(প্ৰণাম কৰি) আপোনৰ আশীৰ্বাদ শিৰত ললো। বৈখানস।—মহাৰাজ! আমি কাঠ আনিবলৈ ওলাইছোঁহঁক। সৌ মালিনী নৈৰ পাৰত কাশ্যপ বংশীয় কুলপতিৰ আশ্ৰম দেখা গৈছে। যদি কিবা আন কামৰ ব্যাঘাত নহয়, তেনেহলে তাত সোমাই অতিথি-সৎকাৰ গ্ৰহণ কৰোক গৈ। আৰু তপোধন সকলৰ যজ্ঞ আদি নিৰ্বিঘিনিয়ে আৰু বিধিমতে সম্পন্ন হৈ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই