পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৩
প্ৰকৃতি

 তাৰ পাছে লাহে লাহে পড়িছে নিয়ৰ,
ধূলি গুচি বোকা হ’ল  আগৰ শুৱনি গ'ল,
 ন ন শোভা দুটা হৈছে গছৰ পাতৰ,
 আনন্দ-দায়ক আৰু মন-তৃপ্তিকৰ।

 সূৰুয-সন্তপ্ত পাত আগে কুচিছিল,
এতিয়া নিয়ৰ পাই,   আনন্দৰ সীমা নাই,
 জেকি জেকি সকলোটি ক্ৰমে মুকলিল;
 পানী পাই শুকান পাতো আকৌ উঠিল।

 নিয়ৰৰ পানী ক্ৰমে বাঢ়িব লাগিছে,
টপ্‌ টপ্‌ কৰি পাছে, টোপালৰ শব্দ হইছে,
 সেই শব্দ কৰ্ণে পশি অমৃত ঢালিছে।
 দেহ মন একেবাৰে শীতল লাগিছে॥

 পৰম পুৰুষ সিতো অতি জ্ঞানবান্,
যাৰ গুণ দিন ৰাতি,  প্ৰকৃতি কৰে আৰতি,
 ইচ্ছা হয় দেখোঁ—কেনে পুৰুষ মহান্ ,
 যি জনে কৰিলে এই, প্ৰকৃতি নিৰ্ম্মান!