৬০০ অসমীয়া সাহিত্যক চানেকি। শিক্ষা নেপাইছিল আৰু মনৰ প্ৰৱল গতিত কোনো বন্ধুৰ বাধা নেপাইছিল, প্ৰায় তেনেকুৱা মানুহহে ফাটেকত আছিল। কিন্তু যিবিলাক সৰহীয়া পৰিয়াল থকা ঘৰৰ মানুহ আৰু যিবিলাকক সৰুৰে পৰা সুশিক্ষিত কৰা হৈছিল, তেনেকুৱা মানুহ অতি কম পৰিমাণেহে পগলা হোৱা দেখা গৈছিল। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা ও বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। এজন পাৰদশী পণ্ডিতে কৈছে যে লাটীন আৰু গ্ৰীক ভাষা যেনেকৈ শিকিব পাৰি, অভ্যাস আৰু ইচ্ছাকো সেই দৰেই পাৰি।। | বিদ্যোত্তম জন্ চাহাবে, যদিও সৰুৰে পৰা নিজে সদাই আমনজিমনকৈ বেজাৰ মনেৰে থাকে, তথাপি কৈ গৈছে যে, “মানুহৰ মন বেয়া লগা ভাল লগা তেওঁৰ নিজৰ ইচ্ছাৰ ওপৰতে বহুত পৰিমাণে নিৰ্ভৰ কৰে।” আমি নিজক ধৈৰ্যশীল আৰু সন্তোষী হবলৈ শিকাব পাৰে, আৰু অসুখী হবলৈও শিকাব পাৰোঁ। আমি যত্ন কৰি মহাবিপদৰ বাটত টানভেটা মাৰিবও পাৰে, আৰু বাট মোকোলাই দি সৰুসুৰা বিপদকো আনি গিলিধৰা কৰিব পাৰে। এতিয়া জানিব পাৰিছে যে, আমি নিজক ভাললৈও ঢালখুৱাব পাৰে। আৰু বেয়ালৈও কতীয়া কৰিব পাৰে। সকলোকে আনন্দ মনেৰে চোৱা আৰু জীৱনক আশান্বিত কৰা অভ্যাসকো, আন আন অভ্যাসৰ দৰে আমি চিৰকলীয়া কৰিব পাৰে।। “কোনো ঘটনাৰ ভাল ফাললৈহে চোৱা অভ্যাসটি বছৰি লাখ টকাতকৈও মূল্যবান” জ্ঞানী জনচন চাহাবে কোৱা এই কথাটিক আমি নহয় বুলিব নোৱাৰে।। | প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অঙ্গ। মানুহ ধৰি আৰু চাৰিওপিনে চকুফুৰুৱা হব লাগে। বেয়াক উকলিয়াই ভালক গিলিব লাগে। জীৱনৰ সজবাটত আগ বাঢ়ি যাব লাগে। বিবেকৰ বশিভূত হব লাগে, বিপদক হেচঁ। দিব লাগে, আৰু আপদত সাহ আৰু ধৈৰ্যৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিব পাপ অসুৰক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম্মগছ জুপিক তললৈ শিপা মেলিবলৈ দিব লাগে। আৰু কৰ্ত্তব্য কাৰ্য্যত ভাগৰ লগা হব নেলাগে। এই বিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিবীকেই স্বৰ্গ বুলি ভাবিবা!
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই