৫৯৪ - অসমীয়া সাহিত্যৰ চানেকি। . সেউতী। ফুলনীৰ শোভাচাই মই বৰ তৃপ্তি পাও। নিতৌ মই ৰাতি পুৱা অকলেই ইয়াত টহলি থাকে। ফুলবিলাক দেখিলে, স্বভাৱতঃ মনত অপূৰ্ব প্ৰীতিৰ আবিৰ্ভাৱ হয়। ফুলৰ সৌন্দৰ্য্যে ঈশ্বৰৰ মহিমা সৌন্দৰ্যৰ আভাস দিয়ে। সুৰথ। ফুল প্ৰাকৃতিক সৌন্দৰ্যৰ সমষ্টি। এই সৌন্দৰ্য্য জীৱন্ত গুণ। ইয়াৰ কাৰ্যভৰত উচ্চতৰ, সৌন্দৰ্যৰ উপলব্ধি কৰিবলৈ মন আকুলিত হয়। সেউতী। কিন্তু ফুলে স্বতঃ যথাৰ্থ ঈশ্বৰ-প্ৰেম শিকাব নোৱাৰে। প্ৰকৃতিৰ অস্ফুট সৌন্দৰ্য-ঘৰৰ ই দুৱাৰদলি মাথোন। সেই গৃঢ় জ্যোতি মৰ্ত্ত চকুৰে প্ৰথমে দেখা টান; সেই কাৰণে পৰিস্ফুট ফুল-সৌন্দৰ্যৰ সৃষ্টি। আন এচুকে দি কিৰণৰ প্ৰবেশ। ( কিৰণৰ ওচৰলৈ আহি) আমাৰ ঘৰলৈ গৈছিল নে কি? কিৰণ। সেউতি! তুমি ইয়াতে! | সেউতী। হয়, ফুৰিবলৈ আহিছিলোঁ।। চাওকচোন, আজি ফুলবিলাকৰ শোভা আনদিনাতকৈ চৰিছে। মোৰ দেখি বৰ সুখ লাগিছে। আপোক সৌ ফুলটি লাগে নে? এতিয়া থাওক," ছিঙ্গিলে দেখিবলৈ বেয়া হব, নহয় নে? আমাৰ ঘৰলৈ যাব জানো? কিৰণ। সুৰথ! মোৰ এই পিনে কাম এটা আছে, মই এতিয়া আহে। সুৰথ। অলপ পৰ ৰোৱাচোন, ফুৰাঁ। আহিয়েই যোৱ নে তাৰু? কিৰণ। ( বিমৰ্ষভাৱে ) এৰা। [ প্ৰস্থান।] সেউতী। আহা যাওগৈ। ৰদ উঠিল। | [ প্ৰথমে সেউতীৰ, পাছে সুৰথৰ প্ৰস্থান। ] তৃতীয় দৰ্শন।—হৰদত্তৰ ক্ৰীড়া-পুখুৰীৰ পাৰ।। কিৰণ আৰু সেউতীৰ প্ৰবেশ। কিৰণ। মই এতিয়া সুন্দৰকৈ বুজিলে, মোৰ প্ৰতি তোমাৰ গাঢ় স্নেহ কেৱল তোমাৰ পাপৰ ঢাকনী; তোমাৰ কোমল মাতে, বাহীয়ে যেনেকৈ সাপক, সেইদৰে মোক মুগ্ধ কৰি থয়, আৰু সেই অৱসৰত তুমি তোমাৰ দুষ্ট অভিপ্ৰায় সাধন কৰাঁ। সেউতী। আপুনি কি কৈছে, মই একো বুজিব পৰা নাই।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই