বেণুধৰ ৰাজখোৱা। সেউতী কিৰণ। (নাটক।)। প্ৰথম অঙ্ক। প্ৰথম দৰ্শন—নীলকমলৰ ঘৰব এটা কোঠা : কিৰণৰ প্ৰবেশ।। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝৰা তাৰ অন্তঃসোঁত কেৱল যথাৰ্থ প্ৰেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰোধী সোঁতে তেওঁৰ উৎসাহ ভাঙ্গিবলৈ যত্ন কৰে। সেই সৌন্দৰ্য্য এই পৃথিবীৰ নিমিত্তে নহয়। ইয়াত মাথোন তাৰ লাঞ্ছনা হয়। স্বৰ্গৰ পদুম নিৰ্বিঘ্নে সদাই বিকশিত হৈ থাকে; কিন্তু মৰ্ত্যভূমিত তেনে পদুমেই সূৰ্যৰ উদয়লৈ বাট চায়; কোননা পিনৰ পৰা ডাঠ মেঘ আহি সূৰ্যক আবৰি ধৰে, আৰু তেতিয়া পদুমৰ শোভা নষ্ট হয়। আকৌ, নিয়মিত ভাৱে নিলাজ ক’লা ৰাতিৰ আবিৰ্ভাৱ হয়; তাই শৰীৰব পৰা ইমানকৈ এন্ধাৰ ঘাম উলিয়াই আকাশ ব্যাপে যে, সেইবোৰ ঘামে উজ্জ্বল স্বৰ্গজেউতীয়া চকুৰে৷ ৰশ্মি কাঢ়ি নিয়ে---পদুমৰো ম্লান অৱস্থা কৰে। কিন্তু মোৰ সেউতীৰ কেতিয়াও মোৰ ওচৰত ম্লান অৱস্থা নহয়। মোৰ ৰাতি চকুৰেও মই দিনে দিনে তেওঁৰ লাৱণ্য বাঢ়ি যোৱা দেখে। মই তেওঁৰ স্বভাৱৰ ওপৰত সন্দেহ কৰে। আৰু ভাবে, মই তেওঁক ঘিণ কৰিম। কিন্তু কোনোমতে মই তেওঁক ঘিণ কৰিব নোৱাৰে।—যিমান তেওঁৰ পৰা চকু আঁতৰাও, সিমান তেওঁক আৰু ওচৰত দেখে। হায়! যদি এই দূৰতা দুয়ো জনৰ পক্ষে সমান হলহেঁতেন! মই তেওঁক যিমান ওচৰত দেখো, তেওঁ মোক সিমান নেদেখে। মোৰ আৰু তেওঁৰ মাজত আন এজন আছে, তেওঁ প্ৰধান চকুৰে সেই জনকহে চায়—মই তেওঁৰ দৃষ্টিৰ দ্বিতীয় বিষয় মাথোন। তেওঁৰ আৰ্চি বুকুত মই মোৰ নিজৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই