দুই তাঁৰ কেশ, পৰিছে দুফালে; নীয়ৰেৰে তিতি আছে,
কোমল মুখত, জিকি মিকি কৰি, কণক কিৰণ নাচে।
নপৰে নিশাহ, কপালত চোৱাঁ, মৃত্যুৰ কলীয়া ৰেখ্,
নিঠুৰ মানুহ, শেষ হল আজি, জীৱন দিবৰ লেখ্।
ৰূপহী আইটী, অকালত হায়! বেজাৰত গল মৰি,
সুগন্ধি গোলাপ, নিজানত ফুলি, নিজানতে গল সৰি!
⸻
সুখৰ ঠাই।
Mrs. Hemans ৰ “Better Land” নামে কবিতাৰ ভাঙ্গনি।
শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত,
কোৱাঁ আই, কোৱাঁ সেই ঠাই আছে ক'ত?
কোৱাঁ সি জেউতি-ভৰা দেশ ক’ত বাৰু,
আমি নো বিচাৰি তাক নেপাম নে আৰু?
কমলাৰ ফুল য’ত অলেখ ফুটিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে;
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
-নহয়, নহয় তাত সাদৰী সোণাই।
দীঘল পাতেৰে য'ত আছে বহু তাল,
ৰ'দৰ তাপত পকে খেজুৰ ৰসাল;
নীল সাগৰত থকা মাজুলীৰ মাজে,
সুন্দৰ সুগন্ধি নানা গছ য'ত ৰাজে;
ফুলাম পাখীৰে য’ত পখীবোৰ উড়ে,
শুৱলা মাতেৰে গীত গাই গাই ফুৰে;
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।
তেন্তে কি সি ঠাই আই, দূৰ অতিশয়,
সোণালী বালিৰ মাজে নই য'ত বয়;