পাণেসই।
ভৰ দুপৰীয়া, নিমাত সকলোঁ, নিমাত গছৰ পক্ষী।
দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী।
পাণেসই গাভৰু, ওলাই আহিছে, উলাহে নধৰে হিয়া
মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া।
লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত খেলা।
বিয়াৰ ৰঙ্গত, হিয়া বাকি দিব, শতেক ভাবৰ মেলা।
বিয়াৰ সকামে, ঘৰৰ সকলো, দিহাদিহি গুচি গল,
ঘৰৰ ৰখীয়া, চোতাল কাষত, পাণেসই আইটী ৰল।
কৰ বুঢ়ী জনী, আহিলি মাগনী, মাহৰ একঠা খুজি,
আইসু পাণেসই, দিব নো কেনেকই, বিয়াৰ বতৰা বুজি।
হায়! হায়! বুঢ়ী, কিনো তই কলি, উলাহ ভাঙ্গিলি কিয়?
নুফুলোঁতে ফুল, কলিতে ছিঙ্গিলি, কিয়নো হলিহি থিয়?
“ককাইদেৱৰ, গোটাই হৃদয়, তোৰ ভাৱে ভোল হল,
জগৎ বিয়াপি, তোকেহে দেখিছে, সকলো পাহৰি গল।”
হায়! হায়! বুঢ়ী, কিনো তই কলি, সুখৰ সপোন হৰি!
ইকৰা বঠাৰে, সাগৰ ফুৰোঁগৈ, কলমৌ পাতৰ তৰি।
মানুহৰ আও, মানুহৰ ভাও, নুবুজোঁ মানুহৰ নীতি,
নিয়ম পাতিলে, ভাঙ্গিব আকউ, ই কোন দেশৰ ৰীতি!
বাপেকি স্নেহৰ, হবহি শহুৰ, ই কোন দেশৰ কথা,
প্ৰাণাধিকা আই, হব শাহু আই, কিমান সহিম ব্যথা।
ককাইদেৱৰে, সৰুৰে পৰাই, উমলি হলোঁহি বৰ।
মানুহ-সমাজ, কোনটো সতেৰে, তাকেই স্বোৱামী কৰ।
নিঠুৰ মানুহ, নেথাকোঁ লগত, নিজান ঠাইলৈ যাওঁ,
নীল-সাগৰত, নীলাকাশ তলে, বাই বাই ফুৰোঁ নাও।
পুৱঁতী নিশাতে, আপোন মনেৰে ধৰিম গীতৰ তান,
ফুলনি-বাড়ীৰ, গোন্ধ উৰুৱাই, মলয়া তুষিব প্ৰাণ।
হেজাৰে হেজাৰে, নাচি নাচি ঢউ, আহিব কাষলৈ মোৰ,
নাও বাই বাই, ঢউ গণি গণি, ঢউৰ কৰিম ওৰ।