লম্বোদৰ বৰা।
শকুন্তলা।
প্ৰথম অঙ্ক।
সূত্ৰধাৰ।—(নেপথ্যৰ ফাললৈ চাই ) আইদেও, যদি সাজ পিন্ধোৱা হল, তেনেহলে
এই পিনে আহোক।
নটী।-( প্ৰবেশ কৰি ) দেউতা এই মই আহিছোঁ।
সূত্ৰধাৰ।—আইদেও, এই সভাত অনেক বিদ্যাৱন্ত লোক গোট খাইছে আজি কালিদাস ৰচিত অভিজ্ঞান শকুন্তল নামেৰে নতুন নাটকৰ দ্বাৰা আমি তেওঁবিলাকৰ সেৱা কৰিব লাগে; এতেকে প্ৰত্যেক
ভাৱৰীয়ালৈ কাণ কৰক।
নটী।-ভাৱনা ভালকৈ কৰাত আপোনাক কোনেও হাঁহিব নোৱাৰে।
সূত্ৰধাৰ-আইদেও, মই আচল কথা কওঁ',-
এই বিদ্যাৱন্ত লোক সকলৰ যেতিয়ালৈকে সন্তোষ নেলাগে, তেতিয়ালৈকে ভাৱনা ভাল হৈছে বুলি সলাগিব নোৱাৰোঁ; শিকোঁতা বিলাকৰ মন দৃঢ় হলেও নিজৰ প্ৰতি প্ৰত্যয় নহয়।
নটী। ঠিক কৈছে। তাৰ পিচত এতিয়া কি কৰিব লাগে আজ্ঞা কৰোক।
সূত্ৰধাৰ।-এই সভাসদ সকলৰ কৰ্ণৰ প্ৰীতি জন্মোৱাৰ বাহিৰে আন কি আছে?এতেকে প্ৰথমকৈ আৰম্ভ হোৱা, উপভোগৰ যোগ্য এই গ্ৰীষ্ম কালকেই অৱলম্বন কৰি এটি গান গাওক। দেখোকচোন্,
এতিয়া পানীত গা ধুই বৰ তৃপ্তি লাগে, পাটল ফুলত লাগি হাবিৰ বতাহবোৰ সুগন্ধি হৈছে,
ছাঁত পড়িলেই টোপনি ধৰে আৰু দিনৰ শেহ ভাগ বৰ মনোৰম হৈ পৰিছে।
নটী।—ঠিক। এই গানটি গায়ঃ -
ভোমোৰা চোহে ৰস ঈষত শিৰীষৰ।
সাদৰী সুন্দৰী নাৰী সাদৰে শিৰীষ পাৰি,
পিন্ধিছে কাণত সেই ফুল কোমল কেশৰ!