পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৪
অসমীয়া সাহিত্যৰ চানেকি।

দেখি সেই খোজবোৰ,  হব তাৰ আশা ঘোৰ
 সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনে হলে বলা ভাই,   শুবৰ সকাম নাই
 অপূৰ্ব জেউতি চোৱাঁ “উন্নতি’ৰ শিৰে॥
শিকাঁ সবে পৰিশ্ৰম,  শিকাঁ হে নীতি ধৰম,
 নেভাবিবা সুখ দুখ কিনো কপালত।
কৰ্ত্তব্যৰ পাছে লৰোঁ,  ক্ৰমাগত কাম কৰোঁ,
 ফলাফল ফলদাতা বিভুৰ হাতত॥

⸻⸺



দেৱ-কন্যা মানৱী বেশেৰে।

চুলি তাঁৰ তোৰ ভোমৰা কলীয়া,
  গাল গোলাপৰ পাহি।
দাঁত দুই পাৰি ডালিম-গুটীয়া,
  মন-প্ৰাণহৰা হাঁহি।
হৰিণী-নয়ন তোৰ চকু দুটি
  সদাই আনন্দময়।
চঁপাৰ বৰণ মুখৰ জেউতি
  বিজুলী কোনোৱে কয়।
মুঠিতে লুকুৱা কঁকাল সুন্দৰ,
  নখ মুকুতাৰ পান্তি।
এন্ধাৰ ঘৰত লখিমীৰ দৰে
  জিলিকে সুবৰ্ণ-কান্তি।
মালতীৰ মলা তোৰ সাতসৰি।
  গুটিমালী তোৰ খাৰু।
খোপাত পিন্ধিছ বকুলৰ মলা,
  হাতত গোলাপ আৰু।
স্নেহ, কোমলতা, হিয়াৰ দেৱতা,
  মুখ তোৰ স্নেহে ভৰা,