ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ১৯ মাৰ্চ ১৮৯৩। পুৱা।--এতিয়াও আমাৰ জাহাজ ঐৰাৱতীৰ বুকুত। দুয়ো পাৰৰ গছ- গছনি বেছকৈ দেখা যায়। ৰেঙ্গুন বিদায় : ব্ৰহ্ম বিদায়! আকৌ দেখা হয় নে নহয় সন্দেহ। বেলি।—সমুদ্ৰ পালেহি। সমুত্ৰৰ ঢৌত আমাৰ জাহাজ কঁপিবলৈ ধৰিলে। আকৌ সেই কলীয়া পানী, যেনিয়ে চাই পঠিয়াও কেৱল নীল বৰণীয়া পানী। ব্ৰহ্মদেশৰ গছগছনিবিলাক এতিয়াও ৰিণিকি ৰিণিকি দেখি। লাহে লাহে সূৰ্যদেৱ সাগৰৰ বুকুত মাৰগল; তাৰ লগে লগে ব্ৰহ্মদেশৰ দৃশ্য আমাৰ চকুৰ পৰা অন্তৰ্হিত হল। ২০ মাৰ্চ ১৮৯৩। আজি আমি বঙ্গোপসাগৰত। নিশা আকাশত অলেখ তৰা জ্বলিছে। অসীম তৰাৰ মাজত বহি জোনে ৰাণীৰ দৰে সুবিমল কিৰণ সুধা বাকি দিছে। নীল সাগৰত কিৰণমালা প্ৰতিবিম্বিত হৈছে। স্বভাৱৰ এই অপুৰ্ব শোভা দেখি পৰম পিতা পৰমেশ্বৰলৈ ভক্তিৰ সঞ্চাৰ নহৈ থাকিব নোৱাৰে। | ২১ মাৰ্চ ১৮৯৩। পুৱা।—আজি পুৱাৰ পৰা বৰ বতাহ মাৰিছে; বঙ্গোপসাগৰত ভয়ানক ঢৌ। উঠিছে; পতাকাৰ ঢৌবিলাকে আহি ভয়ানক গৰ্জন কৰি আমাৰ জাহাজক খুন্দা মাৰিছেহি। জাহাজৰ হেন্দোলনিত অধিকাংশ যাত্ৰীৰেই মূৰ ফুৰণিয়ে ধৰিলে। আমি আধা মৰাৰ দৰে পৰি আছিলোঁ। সন্ধ্যাৰ পৰা অলপ ঢৌৰ কোব কমিছে। অলেখ সামুদ্ৰিক চৰাইবোৰ আহি জাহাজৰ কাষত কোঢ়াল কৰিছে। আমি “সাগৰ পইণ্ট” পালেহি। পানীৰ বৰণ নীলা গুচি সবুজ হৈছে। | নিশা।- ধুমুহা বতাহ হৈছিল আৰু শিল বৰষিছিল, মেঘে বৰকৈ গাজিছিল আৰু বিদুলীয়াইছিল। | ২২ মাৰ্চ ১৮৯৩। আজি শুই উঠিয়েই দেখিলোঁ। আমাৰ জাহাজ ভাগীৰথী নৈত সোমাই ক্ৰমে উজাইছে। ২টা বজাত গাৰ্ডেনৰিচ পালোঁহি। ভাটাৰ নিমিত্তে কলিকতাৰ ঘাটলৈ জাহাজ আহিব নোৱাৰিলে। Swift নামে এখন সৰু জাহাজে আমাক কয়লাঘাটত নমাই দিলে। ৫টা বজাত ৩নং অল্ড বৈঠকখানা দ্বিতীয় লেনত থকা স্মৰ্গীয় ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰৰ ঘৰলৈ আহিলে।।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই