ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। হেঁপাহ হয়, আৰু তাৰ লগে লগে মানহঁতৰ কাৰুকাৰ্য্যৰ শক্তি আৰু শিল্পকৌশল দেখি স্তম্ভিত হব লাগে। আমি অতি সংক্ষেপে ফয়াৰ বিষয়ে কিঞ্চিত বৰ্ণনা কৰিলোঁ। আশা কৰোঁ, আমাৰ কোনো অসমীয়া ডাঙ্গৰীয়াই মানৰ দেশ চাবলৈ গলে যেন এই “ফয়া” নোচোৱাকৈ উলটি নাহে। ৰেনত এটা কলেজ আছে; এই কলেজত “এফ এ” পৰ্যন্ত পঢ়োৱা হয়। আমেৰিকান বেপটিষ্ট মিশনেৰি সকলে “Burmese Girls' School” নামে এখনি ছোৱালীৰ পঢ়াশালী পাতি মান-দেশৰ অনেক ছোৱালীক লিখা-পঢ়া শিকাইছে। এটেন্স পাছ কৰা বৰ্ম্মিজ ছোৱালী বহুতো আছে। biocesal High School যুৰোপীয় লৰাক মাথোন শিক্ষা দিয়া হয়। মুদে-ৰায়-পিলে নামেৰে মাদ্ৰাজ দেশীয় এজন ডাঙ্গৰ মানুহে যি হাই স্কুল পাতিছে তাৰ অৱস্থাও ভাল। বৰ্মিজ ভাষা বিশ্ববিদ্যালয়ত •চলে। এই ভাষাত অনেক সুন্দৰ সুন্দৰ পুথি আছে। “ৰেন হিৰেলড়” নামে এখন বৰ্ম্মিজ ভাষাৰ বাতৰি কাকত ৰেঙ্গুনৰ পৰা ওলায়।। | ৰেঙ্গুন নগৰৰ ওচৰত “ৰয়েল হদ” আৰু “ভিক্টোৰিয় হদ” নামেৰে দুটা সুন্দৰ সৰবৰ আছে বুলি জানিবলৈ পালে। দুৰ্ভাগ্যবশতঃ আমি এই দুটি বস্তু চাব নেৱাৰিলোঁ। মান-দেশৰ প্ৰায় সকলো মাটিত খেতি কৰিব পাৰি; তাত অৰ্জ্জা বস্তু, ধান কুঁহিয়াৰ, নীল, কপাহ, ধপাত ইত্যদি। জাহাজ আদি সাজিবৰ নিমিত্তে নানাবিধ উত্তম কাঠ অপৰ্যাপ্তৰূপে মান-দেশত আছে। টিক নামে এবিধ গছ আছে সি বৰ টান; উয়ে কেতিয়াও তাক নেখায়। | মানবিলাক বৌদ্ধ ধৰ্ম্মত প্ৰৱৰ্ত্তে। সিহঁতৰ ভিতৰত জাতিভেদ নাই; কিন্তু মৰ্যাদাভেদ খুব আছে। মানৰ ধৰ্ম্ম মতে একো জীৱজন্তু বধ কৰিব নেপায়। “অহিংসা পৰমে ধৰ্ম্ম” এয়ে বৌদ্ধ ধৰ্ম্মৰ প্ৰধান নীতি। কিন্তু আন মানুহে জীয়াজন্তু মাৰি দিলে, মানহঁতে গৰু আদি সকলোকে খায়। ফুঙ্গিবিলাকে দিনটোত এসাজ মাথোন খায়, সিবিলাকে তিৰুমানুহৰ মুখলৈ চাবলৈ নেপায়, বস্তু বেচা-কিন নকৰে, ধনো নলয়, আৰু অকল হালধীয়া কাপোৰহে লয়; আৰু ধৰ্ম্মৰ কথা কৈ থাকোতে মুখৰ আগত ডাঙ্গৰ বিচনী আঁৰ দি ধৰে। মানহঁতে এজনীতকৈ বেছি তিৰুতা নেৰাখে; কিন্তু বেটী বুলি অনেকক ৰাখে। বিবাহৰ বন্ধনৰ নিয়ম শকত নহয়। ডেকা গাভৰু দুয়োৰৰ বিবাহৰ ইচ্ছ। হলে ( কিন্তু মাক-বাপেকৰ অনিচ্ছা হলে ), দুয়ো পলাইগৈ কিছুদিন হাবিত থাকে; তাৰ পাছত ইফালে দৰা আৰু কন্যাৰ মাক-বাপেকৰ মাজত মিল হলেই, দুয়ো
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই