ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ৭৩ যোৱা কৰিছে। ঘোৰাৰ গাড়ী বিলাকো চলিব লাগিছে। বাৰ্মিজ তিৰুতাবিলাকে মুখত ধপাতৰ চেলেউ হুপি, হাতত ছাতি লৈ ভৰিত চটি জোৰে খট খট কৰি, প্ৰফুল্ল মনেৰে নিজৰ নিজৰ কামলৈ গৈছে। মত মানুহতকৈ তিৰুতাবিলাকৰ উৎসাহ আৰু স্ফুৰ্ত্তি বেছি দেখিলো। মান-তিতা।। | মান তিৰুত বিলাকৰ গাৰ বৰণ প্ৰায় কেঁচা সোণৰ নিচিন। সেই বুলি যে ক'ল। আৰু শাও বৰণীয়া তিৰুতা নাই, এনে নেভাবিবা। তিৰুতাবিলাকৰ মুখত বৰ গঢ় নাই। চুলিৰ খোপাটো আমাৰ দেশৰ ক্ৰিতাৰ দৰে পাছ পিনে নেবান্ধি মূৰৰ ওপৰত বান্ধে। ওখই ডাঙ্গৰে সিহঁত আমাৰ দেশৰ তিৰুৰ নিচিনাই। প্ৰত্যেক মান-তিৰুতাই কঁকাললৈকে পৰা একোটা কুত্তা চোলা পিন্ধে। সেই কুৰ্তাৰ ওপৰত ৰিহা বা আন কোনো কাপোৰ নলয়। মেখেলাৰ নিচিনাকৈ সিহঁতেও কাপোৰ একোডোখৰ পিন্ধে; কিন্তু আমাৰ অসমীয়া মেখেলাৰ দৰে সিহঁতে সেই কাপোৰ সি নলয়, নিসিয়াকৈ এনেয়ে মেৰাই পিন্ধে। ডিঙ্গিত সিহঁতে একোখন ৰুমাল পেলাই লয়, আৰু ভৰিত একোজোৰ চটি জোতা পিন্ধে। সেই চটি জোতা দেখিবলৈ কিছু পৰিমাণে আমাৰ দেশৰ ফানতিৰ নিচিনা। মান- তিৰুতাই মুখৰ পৰা ধঁপাতৰ চেলে, হাতৰ পৰা ছাতি, আৰু ভৰিৰ পৰা চটি জোতা প্ৰায় নুগুচাই। আমাৰ দেশৰ তিৰুতাবিলাকে যেনেকৈ মুখৰ পৰা তামোল গুচাব নো- খোজে, তেনেকৈ মান-তিৰুইও মুখৰ পৰা চেলেউ গুচাব নোখোজে। কিন্তু বজাৰত আমি প্ৰায় সদাই যিবোৰ চুট দেখে, তাৰ তিনিটামান একেলগে জাপিলেহে সিহঁতৰ এটা চেলেউৰ সমান গোট হব। সি যি হওক মান- তিতা বৰ পৰিশ্ৰমী। সিহঁতে ঘৰুৱা সকলো কামকে কৰে; তাৰ বাহিৰেও নিজে দোকান দিয়ে আৰু বজাৰতো বস্তুৰ বেহা কৰে। আমি যাক “স্ত্ৰী-স্বাধীনতা” বোলে। সেই বস্তুটি সিহঁতৰ ভিতৰত খুব আছে। “কেমেণ্ডাইন-গাল স্কুল” নামে ৰেনত এক প্ৰসিদ্ধ ছোৱালী- পঢ়াশালি আছে। আমি আমাৰ হোটেলৰ আগেদি শাৰী শাৰীকৈ সেই পঢ়াশালিৰ ছোৱালীবোৰক নিয়া দেখিল। ব্ৰহ্মদেশত স্ত্ৰীশিক্ষাৰ সোঁত বৰকৈ বৰৰ আগন্তুক হৈছে। কিন্তু হায়! আমাৰ অসমদেশে অৰ্ধশতাব্দীৰো অধিক কাল সুসভ্য ইংৰাজ- গবৰ্ণমেণ্টৰ তলত থাকিও স্ত্ৰীশিক্ষাৰ উন্নতিত আগ বাঢ়িব নোৱাৰিলে। আজি উনৈশ শতিকাৰ জ্ঞান বিজ্ঞানৰ পোহৰত জগতৰ প্ৰায় সকলো দেশ জিলিকে উঠিছে। কিন্তু বৰ দুখৰ বিষয় যে আমাৰ দেশৰ হেজাৰ হেজাৰ তিৰুতাবিলাক
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই