৫৭০ অসমীয়া সাহিত্যৰ চানেকি। চাবৰ নিমিত্তে বৰ হেঁপাহ কৰি থাকিও আজি পৰ্যন্ত এই মাছ দেখা নেপালে।। শুনিছে, কলম্বলৈ গলে সময়ে সময়ে সমুদ্ৰযাত্ৰীসকলে এই মাছ দেখা পায়। নিশা জাহাজ গৈ মাৰ্টাবান উপসাগৰ পালে গৈ। কালিলৈ দুপৰীয়া ব্ৰহ্ম- দেশৰ ৰাজধানী ৰেঙ্গুন নগৰত ভৰি দিম। ১৫ মাৰ্চ ১৮৯৩। ঐৰাৱতী নৈত। পুৱাৰ পোহৰ সৰু খিলিকি দুৱাৰেদি আহি আমাৰ কেবিনত পৰিছেহি। যোৱা দিনৰে পৰা চৰাই-চিৰিকতি, গছ বন এডালে। সমুদ্ৰত উটি অহা দেখা নাই। যেনিয়ে চাই পঠিয়াইছিলোঁ, কেৱল ঘোৰ কলীয়া পানী আৰু প্ৰতি ঢৌৰ মুখত এথুপি এথুপি বগা ফেনহে দেখাপাইছিলোঁ। আজি চৰাইৰ মাতে আহি টোপনিৰ পৰা জগালেহি। বৰ উলাহেৰে উঠি খিলিকি দুৱাৰেদি মুখ উলিয়াই অলেখ সামুদ্ৰিক চৰাই দেখি জানিলোঁ—ব্ৰহ্মদেশৰ ওচৰ চাপিছোঁহি। চাহ খাই ডেকৰ ওপৰলৈ উঠিগৈ ৰিণি ৰিণি ব্ৰহ্মদেশৰ গছগছনি দেখি মনত বৰ ৰং লাগিল। | ঐৰাৱতী নৈৰ বিশাল মুখ দেখা পালোঁ। আমাৰ জাহাজ ঐৰাৱতীত সোমাই। ক্ৰমে উজাই যাবলৈ ধৰিলে। দুয়ে কাষৰ গছ-লতা, ঘৰ-বাড়ী, পশু-পক্ষী, মানুহ ইত্যাদি দেখি বৰ সন্তোষ পালে।। বাৰ্মিজ বেপাৰিবোৰে নাৱত উঠি পাল মেলি দি বেহা কৰিবলৈ গৈছে। ঘাটৈয়ে সৰু সৰু নাৱত ইপাৰৰ মানুহক সিপাৰলৈ, সিপাৰৰ মানুহক ইপাৰলৈ অনানিয়া কৰিছে। ঐৰাৱতীৰ পৰা পানী নিবলৈ অহা বাৰ্ম্মিজ ছোৱালীবোৰৰ কোনো কোনোৱে, আমাৰ জাহাজ দেখি, চাপৰি বজাই, কোনোৱে নাম গাই, কোনোৱে বা নাচি আমোদ কৰিবলৈ ধৰিলে। | যত ঐৰাৱতী নৈ সাগৰেৰে সৈতে মিলিছে সেই খিনিতে সাগৰৰ পাৰত বান্দৰ দেখা পালোঁ। বান্দৰে নিৰ্জ্জন সাগৰৰ পাৰত থাকিবলৈ ভাল পাই হবলা। সেই দেখিয়েই বোধ কৰে। তাহানি শ্ৰীৰাম চন্দ্ৰই লঙ্কাৰ সেতু বান্ধিবলৈ সাগৰৰ পাৰত অসংখ্য বান্দৰ পাইছিল। ১০ বজাত জাহজ “এলিফেন্ট, পইণ্ট” কোঠৰ ওচৰত ভালেমান পৰ ৰৈ আছিল। ঐৰাৱতীৰ দুয়োকাষে অনেক কল, কাৰখানা, নাও, জাহাজ আৰু মান্দ্ৰাজৰ কুলি আছে দেখি জানিলে এই ঠাই ডোখৰ বৰ বেপাৰৰ ঠাই।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই